৩০ এপ্ৰিলৰ ভিতৰত হত্যা (Murder by April 30) কৰা হʼব ছলমান খান (Salman Khan)ক। সোমবাৰে নিশা তেওঁ ভাবুকি লাভ কৰে! এইবাৰ আহিছে ৰাজস্থানৰ পৰা। খবৰ অনুযায়ী, যোধপুৰৰ “ৰকি ভাই” (Rocky Bhai)-এ দিছে এই ভাবুকি। ফোনটো আহিছিল এজন ১৬ বছৰীয়া লʼৰাৰ পৰা। তেওঁ ৰাজস্থানৰ শ্বাহপুৰ (Shahpur in Rajasthan)ৰ বাসিন্দা। ৰাজস্থানৰ পৰা তেওঁক মুম্বাইলৈ অনাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে আৰক্ষীয়ে।
তেওঁক সোধা-পোছাৰ বাবে মুম্বাইলৈ অনা হʼব বুলি প্ৰশাসনৰ সূত্ৰৰ খবৰ। কিয় তেওঁৰ ফোনৰ পৰা এনে মেছেজ আহিছিল মুম্বাই আৰক্ষীয়ে তাৰ বুজ ল’ব।
ইফালে এই খবৰ বিয়পি পৰাৰ লগে লগে সংবাদ মাধ্যমে মুম্বাই আৰক্ষীৰ সৈতে যোগাযোগ কৰে। তাৰ পৰাই খবৰ পোৱা গৈছে যে সোমবাৰে নিশা মুম্বাই আৰক্ষীৰ কণ্ট্ৰ’ল ৰুমলৈ ফোন আহিছিল। তাতে কোনোবা ‘ৰকি ভাই’-এ ৩০ এপ্ৰিলৰ ভিতৰত অভিনেতাজনক হত্যা কৰিব বুলি ভাবুকি দিছিল।
কিছুদিন পূৰ্বে ছলমানে দুটা ভাবুকি লাভ কৰিছিল। ভিডিঅ’ সাক্ষাৎকাৰত প্ৰথমটো মৃত্যুৰ ভাবুকি দিয়ে লৰেন্স বিষ্ণৱে। পিছত আহিল ই-মেইলযোগে গোল্ডি ব্ৰাৰ ভাবুকি। তেওঁক পৰিয়ালসহ হত্যা কৰাৰ ভাবুকি দিয়ে। ইয়াৰ পিছত নায়কজনে নিৰাপত্তাৰ বাবে পৰিয়াল আৰু নিজৰ বাবে বুলেট প্ৰুফ গাড়ী কিনি লয়। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে ডন দুজনৰ বিৰুদ্ধে প্ৰাথমিক এজাহাৰ দাখিল কৰিছে। ছলমানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। তেওঁৰ ঘৰৰ সন্মুখতো নিৰাপত্তা কটকটীয়া কৰিছে।