ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ২ নং নাহৰনী গ্ৰান্ট কলিবাৰী গাওঁত আজি দিনৰ ১২ টা মান বজাত এটি হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। পাছত স্থানীয় ৰাইজে ভালকৈ প্ৰত্যক্ষ কৰি তাৰাজুলি চাহ বাগিচাত বহুদিনৰ পৰা বিচৰণ কৰি থকা আঘাতপ্ৰাপ্ত হাতী পোৱালিটো বুলি চিনাক্ত কৰে।
উল্লেখ্য যে চলিত বৰ্ষৰ যোৱা ১৬ জুলাইত তাৰাজুলি চাহ বাগিচাৰ ২২ নং শ্ৰমিক লাইনত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী পোৱালীটো উদ্ধাৰ কৰিছিল স্থানীয় ৰাইজে। পাছত বন বিভাগক খবৰ দিয়াত বিশ্বনাথত চাৰিআলিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ ডব্লিউ টি আইৰ অহা চিকিৎসক ডাঃ ৰিংকু গোহাঁই আৰু ডাঃ দশ গেংৱাৰ আৰু আমাৰীবাৰী বন বিভাগৰ এটা দল চাহ বাগিচাখনত উপস্থিত হৈছিল। আঘাতপ্ৰাপ্ত হাতী পোৱালিটোক ট্ৰংকুলাইজ কৰি চেলাইন, ভিটামিন আৰু বেজী প্ৰদান কৰিছিল চিকিৎসকৰ দলটোৱে।
সেই সময়তে চিকিৎসকে ওখ ঠাইৰ পৰা বাগৰি পৰি সোঁ ভৰিৰ হাড়ডাল ফাটি গৈছে বুলি সংবাদ মাধ্যমক জনাইছিল। তাৰ পিছত হাতী পোৱালিটো কিছু পৰিমাণে সুস্থ হৈছিল যদিও হঠাৎ যোৱা ১৮ নৱেম্বৰত তাৰাজুলি চাহ বাগিচাৰ ৩নং শ্ৰমিক লাইনৰ সমীপৰ এটা সৰু জুৰি পাৰত অসুস্থ হাতী পোৱালিটোৱে আশ্ৰয় লৈ থকা স্থানীয় ৰাইজে পত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল বনৰীয়া হাতী পোৱালীটোৰ কাষত উপস্থিত হয় যদিও অসুস্থ বনৰীয়া হাতী পোৱালিটোৰ চিকিৎসাৰ ব্যৱস্থা হাতত লোৱা নাই বুলি স্থানীয় ৰাইজে জনাইছে।
প্ৰায় ৫-৬ বছৰীয়া হাতী পোৱালিটোক কেইজন মান স্থানীয় যুৱকে নিজাববীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰি আছিল। ইপিনে চিকিৎসাৰ অভাৱত হাতী পোৱালিটো দিনক-দিনে দুৰ্বল হৈ পৰি আজি কৰুণ মৃত্যুক সাৱটি লয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। উন্নত চিকিৎসাৰ বাবে বনৰীয়া হাতী পোৱালিটোক স্থানান্তৰিত কৰিবলৈ গাওঁবাসীয়ে বন বিভাগক দাবী জনাইছিল যদিও বন বিভাগে গাওঁবাসীৰ দাবী গুৰুত্ব সহকাৰে নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এটা ৰোগীয়া হাতী পোৱালিক বন বিভাগে উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ ফলত এইদৰে কৰুণ মৃত্যুক সাৱটি লোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।
বিগত কেইবামাহ ধৰি হাতীটোক গাওঁবাসীয়ে খাদ্যৰ যোগান ধৰি আহিছিল কিন্তু বন বিভাগৰ তেনে কোনো উল্লেখনীয় পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাছিল বুলি গাওঁবাসীয়ে অভিযোগ কৰে। ইপিনে বন বিভাগৰ এটা দল মৃত বনৰীয়া হাতী পোৱালিটোৰ ওচৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আৰু অহাকালিলৈ হাতী পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিয়ে।












