ASSAM TIMES POST
গুৱাহাটীঃ অহা ২২ ডিচেম্বৰত অনুষ্ঠিতব্য হাইস্কুল টেটত ৬৮ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। যোৱা ২৫ নৱেম্বৰত ইয়াৰ বাবে হোৱা অনলাইন আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈছে। সেই অনুসৰি, ইয়াত আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা প্ৰায় ২০ হাজাৰ। ইফালে, হাইস্কুল টেটৰ কাৰণে ২০১৭ চনত প্ৰকাশিত বিজ্ঞাপন অনুসৰি আবেদন কৰা ৪৮ হাজাৰ প্ৰাৰ্থীয়েও এই টেটত অৱতীৰ্ণ হ’ব। এই-সেই মিলাই ৬৮ হাজাৰ প্ৰাৰ্থী টেটত বহিব।












