![]()
দেশত বৃদ্ধি পাইছে বাঘৰ সংখ্যা (Increasing number of tigers)। কৰ্ণাটকৰ বান্দিপুৰ (Bandipur in Karnataka) ব্যাঘ্র প্রকল্প (Tiger Project) পৰিদৰ্শনৰ পিছত বাঘৰ তথ্য প্রকাশ কৰি এই কথা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদী (Narendra Modi)য়ে। তেওঁ জনাইছে, দেশত বাঘৰ সংখ্যা বাঢ়িছে ৬.৭৪ শতাংশ হাৰত। ২০১৮ চনত ভাৰতত বাঘৰ সংখ্যা আছিল ২,৯৬৭। বর্তমান সেয়া বৃদ্ধি পাই হৈছে ৩,১৬৭।

ভাৰতৰ ৰাষ্ট্ৰীয় পশু বাঘ। কিন্তু এটা সময়ত নির্বিচাৰে নিধনৰ ফলত ভাৰতৰ অৰণ্যত বাঘৰ সংখ্যা কমি গৈছিল। উক্ত সমস্যা নজৰত পৰিছিল তদানীন্তন প্রধানমন্ত্রী ইন্দিরা গান্ধীৰ। ততেওঁৰেই উদ্যোগত ১৯৭৩ চনত যাত্রা আৰম্ভ ভাৰতৰ ব্যাঘ্র প্রকল্পৰ। তেনে এটি ব্যাঘ্র প্রকল্প হৈছে দাক্ষিণাত্যৰ বান্দিপুৰ। দেওবাৰে বান্দিপুৰত ২০ কিলোমিটাৰ দীঘল জংঘলত চাফাৰী কৰে প্রধানমন্ত্রী মোদীয়ে। চাফাৰীৰ অন্তত মোদীয়ে আনুষ্ঠানিকভাবে প্রকাশ কৰে বাঘৰ তথ্য। তাত দেখা গৈছে, ভাৰতত ৬.৭৪ শতাংশ হাৰত বৃদ্ধি পাইছে বাঘৰ সংখ্যা।










