![]()
মুক্তিৰ বাবে সাজু হৈছে “পুষ্পা ২” (Pushpa 2) । ছবিখনৰ মুক্তি লাভ কৰা নতুন পষ্টাৰ খনে ইতিমধ্যে আলোড়ণৰ সৃষ্টি কৰিছে সচেতন মহলত। এক নতুন ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ’ল জনপ্ৰিয় আল্লু অৰ্জুনক (Allu Arjun)। বিগত ২০২১ চনৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰা “পুষ্পা” ত ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ী পুষ্পা ৰাজৰ চৰিত্ৰৰে আল্লুৱে কোটি কোটি লোকৰ হৃদয় জয় কৰিছিল।

কোটি কোটি টকাৰ বক্স অফিচ কালেকচন কৰিবলৈ সক্ষম হোৱা এই ছবিখনৰ চৰ্চা কেৱল মনোৰঞ্জন ক্ষেত্ৰতেই নহয়। খেলুৱৈ, মন্ত্ৰী সকলকে আদি কৰি সাধাৰণ দৰ্শকৰ হৃদয়ত কিছু দিনলৈ হ’লেও প্ৰভাৱ বিস্তাৰ কৰিছিল পুষ্পা ৰাজৰ চৰিত্ৰটিয়ে। উল্লেখ্য যে, ‘পুষ্পা’ৰ প্ৰথম সংস্কৰণ বাজেট আছিল ২০০ কোটি আৰু চিকুৱেলৰ বাজেট ৪০০ কোটিলৈ বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে।
আনহাতে, এই চিকুৱেলৰ বাবে অভিনেতা গৰাকীয়ে ১০০ কোটি টকা আদায় লোৱা বুলিও বাতৰিত প্ৰকাশ পাইছিল। বাৰু যি হওঁক, পষ্টাৰ মুকলিৰ পিছতেই এতিয়া ছবিখনৰ বাবে অপেক্ষাৰত সকলো।













