নিজৰ প্ৰিয় অভিনেতাৰ ছবি চাবলৈ গৈ জীৱনৰ আটাইতকৈ প্ৰিয় ব্যক্তিজনক হেৰুৱাইছিল তেওঁ। ন বছৰীয়া শিশুটো এতিয়াও বিপদমুক্ত হোৱা নাই। চিকিৎসালয়ত নিজৰ জীৱনৰ বাবে যুঁজি আছে। কিন্তু হায়দৰাবাদ গোচৰৰ মুখ্য অভিযোগকাৰী ভাস্কৰ মাগুদামপল্লী (Main complainant Bhaskar Mogudampally)য়ে আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰ (Arrest of Allu Arjun)ৰ বাতৰি শুনাৰ পিছতে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। তেওঁ কৈছে যে আল্লু অৰ্জুনৰ বিৰুদ্ধে তেওঁৰ অভিযোগ (Allegations against Allu Arjun) উঠাই ল’ব বিচাৰিছে (Wants to be lifted)।
উল্লেখ্য যে হায়দৰাবাদত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত এগৰাকী মহিলাৰ পদপিষ্ট হৈ মৃত্যু সন্দৰ্ভত অভিনেতা আল্লুক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক শুকুৰবাৰে হায়দৰাবাদৰ চিক্কাডপল্লী আৰক্ষী চকীলৈ লৈ যোৱা হয়। ইফালে আল্লুৰ গ্ৰেপ্তাৰৰ খবৰ প্ৰকাশৰ লগে লগে সংবাদ মাধ্যমে ভাস্কৰৰ সৈতে যোগাযোগ কৰে। ৪০ বছৰীয়া ব্যক্তিজন হায়দৰাবাদৰ দিলসুখ নগৰৰ শালিবাহানা নগৰ অঞ্চলৰ বাসিন্দা। ডিচেম্বৰৰ ৪ তাৰিখে তেওঁ পত্নী, পুত্ৰ আৰু আঠ বছৰীয়া কন্যাৰ সৈতে হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰ (Sandhya Theatre in Hyderabad)লৈ গৈছিল। সেইদিনা ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰ আছিল। ছবিখনক লৈ তেওঁলোকৰ মাজত যথেষ্ট উৎসাহ আছিল। কিন্তু কোনেও অনুমান কৰিব নাছিল যে ছবিখনে এক সাংঘাটিক বিপদ কঢ়িয়াই আনিব। সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত ভাস্কৰে কয়, “মোৰ পত্নীৰ মৃত্যুৰ ১০ দিন হ’ল। মই তেওঁক ১০ দিন আগতে হেৰুৱালো। আজি আমাৰ ঘৰত সেই উপলক্ষে এক পূজা আছে। মই তাত আছো। মই আল্লুৰ গ্ৰেপ্তাৰৰ বিষয়ে নাজানিছিলো। মই অভিযোগটো উঠাই লব বিচাৰো। ’’
ভাস্কৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰিয় অভিনেতাজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰি কয়, “মই একো কোৱাৰ অৱস্থাত নাই। মই এতিয়ালৈকে সম্পূৰ্ণ বাতৰিটো চোৱা নাই। মোৰ ল’ৰা চিকিৎসালয়ত আছে। পূজাৰ পিছত মই তেওঁৰ ওচৰলৈ যাম। ল’ৰাক ভেণ্টিলেটৰত ৰখা হৈছে। ’’
অভিযোগটো উঠাই লোৱাৰ কথা ভবাৰ সংক্ৰান্তত ভাস্কৰে কয়, “মোৰ পত্নীৰ মৃত্যুত আল্লু অৰ্জুনৰ কোনো হাত নাই। মোৰ পুত্ৰই চিনেমাখন চাব বিচাৰিছিল। গতিকে আমি গৈছিলো। এইটো অভিনেতাজনৰ দোষ নহয়। আৰক্ষীয়ে মোক তেওঁৰ গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰা নাছিল। ’’
উল্লেখ্য যে বিগত ১০ দিনত ভাস্কৰৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে। তেওঁৰ পত্নীক হেৰুওৱাৰ বেদনা, তেওঁৰ একমাত্ৰ পুত্ৰৰ স্বাস্থ্যক লৈ উদ্বেগ এইবোৰে তেওঁৰ জীৱনত খেলিমেলি লগাইছে। ৪ তাৰিখে যেতিয়া তেওঁ চিনেমা চোৱাৰ আশাত পত্নী আৰু সন্তানৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল, তেতিয়া তেওঁ নাজানিছিল যে প্ৰিয় অভিনেতাজনক লগ পাব। তেওঁলোকে নাজানিছিল যে সেই অভিনেতাজনেই তেওঁলোকৰ জীৱনটো ওলট-পালট কৰি দিব।
আনহাতে, শুকুৰবাৰে অভিনেতাজনক গ্ৰেপ্তাৰৰ আঁৰত ভাস্কৰৰ অভিযোগো আছে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫, ১১৮ (১) আৰু ৩ (৫) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।