বহুবিবাহৰ কথা প্রচাৰ কৰি বিপদত পৰিছে পাকিস্তানী অভিনেতা (Pakistani actor) দানিশ তৈমুৰ (Danish Taimur)। চাৰিবাৰ বিয়া কৰোৱা অভিনেতাজনে ইয়াকে লৈ গৌৰৱৰ সুৰত মন্তব্য কৰাৰ পিছতেই তীব্ৰ কটাক্ষৰ চিকাৰ হৈছে তেওঁ। আনকি এই বিতর্কত মন্তব্য কৰিছে অভিনেত্রী মাহিৰা খানেও।
উল্লেখযোগ্য যে এক অনুষ্ঠানত দানিশে বহুবিবাহ সন্দৰ্ভত (Reference to Polygamy) এনেদৰে মন্তব্য কৰে, “মই সগৌৰবে ক’ব পাৰো, মই চাৰিবাৰ বিয়া কৰাইছো। অৱশ্যে ইয়াকে লৈ মই সাধাৰণতে জাহিৰ কৰি নুফুৰো, সেইটো পৃথক বিষয়। কিন্তু এই সন্মান আল্লাহে মোক দিছে। এই সন্মান মোৰ পৰা কোনেও আজুৰি নিব নোৱাৰে।”

উল্লেখযোগ্য যে বর্তমান পাকিস্তানী অভিনেত্রী আয়েজা খানৰ সৈতে বৈবাহিক সম্পর্কত আছে দানিশ। আনহাতে, পত্নীৰ প্রসঙ্গত দানিশে কয়, “মই সম্প্ৰতি আয়েজাকে ভালপাওঁ আৰু সন্মান কৰোঁ। সেয়ে জীৱনৰ বাকী থকা সময়খিনি তেওঁৰ সৈতেই কটাব বিচাৰো।” এই মন্তব্যক লৈ এতিয়া সামাজিক মাধ্যমত তোলপাৰ লাগি আছে। পুৰুষতন্ত্র আৰু বহুবিবাহৰ প্রচাৰৰ অভিযোগো উঠিছে দানিশৰ বিৰুদ্ধে। আনহাতে, পৰোক্ষভাৱে দানিশৰ সমালোচনা কৰিছে মাহিৰায়ো।
ইফালে দানিশৰ এই মন্তব্যক লৈ সামাজি মাধ্যমত ট্রোলিং আৰম্ভ হৈছে। পাক অভিনেতাগৰাকীক হাঁহিয়াতৰ পাত্ৰ কৰি বিভিন্ন ধৰণৰ ‘মিম’ ভাইৰেল হৈছে। তেনে এটি মিম লাইক কৰিছে মাহিৰাই। তাৰ পৰা স্পষ্ট হৈছে যে দানিশৰ মন্তব্যক ভালভাবে লোৱা নাই অভিনেত্রীগৰাকীয়েও।
উল্লেখযোগ্য যে ‘ৰিহাই’, ‘অব দেখ খুদা ক্যা কৰতা হ্যায়’, ‘দিৱানগি’ৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছে দানিশে। ২০১৪ চনত তেওঁ আয়েজাক বিয়া কৰায়। বর্তমান তেওঁলোক এটি পুত্র আৰু এটি কন্যা সন্তানৰ পিতৃ-মাতৃ। আনহাতে, শ্বাহৰুখ খানৰ সৈতে ‘ৰইচ’ ছবিত যুটি বান্ধিছিল মাহিৰাই।