চাৰি বছৰ পিছত ৰূপালী পর্দালৈ ঘূৰি আহি পুনৰ নিজকে প্রমাণ কৰিলে। ‘পাঠান’ (Pathan)-এ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে। সমগ্ৰ বিশ্বত পুনৰ গুঞ্জন কিং খানৰ। তেৱেঁই শ্বাহৰুখ খান (Shah Rukh Khan)। মার্কিন যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ আলোচনীৰ বিচাৰত তেঁৱেই বিশ্বৰ শ্রেষ্ঠ প্রভাৱশালী ব্যক্তিত্ব (world’s most influential personality)।
তেওঁৰ জনপ্রিয়তাৰ ওচৰত ম্লান ফেচবুকৰ কর্ণধাৰ মার্ক জুকাৰবার্গ, টেনিছ তাৰকা চেৰেনা উইলিয়মছ, হলিউড তাৰকা মেগান মার্কেল, প্রিন্স হেৰী, আর্জেন্টিনাৰ ফুটবলাৰ লিওনেল মেচি! যোৱা বছৰৰ ডিচেম্বৰত তেওঁৰ অসাধাৰণ নৈপুণ্যত ৩৬ বছৰ পিছত বিশ্বকাপ ঘৰলৈ নিয়ে আর্জেন্টিনাই। সেই লিওনেল মেচি ১.৮ শতাংশ ভোট লাভ কৰি এই তালিকাৰ পঞ্চম স্থানত আছে।