
সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি। টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে AJYCPৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ। কেইবাশতাধিক নেতা-কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।
ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে মেৰামতি নকৰা পৰ্যন্ত টোলকৰ নিদিয়াৰ দাবী প্ৰতিবাদকাৰীৰ। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে টোলগেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে AJYCPৰ নেতা-কৰ্মীসকলে।
উল্লেখ্য, দুদিন পূৰ্বে ক্ষেত্ৰীত সংঘটিত পথ দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সাময়িকভাৱে টোলকৰ সংগ্ৰহ বন্ধ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত পুনৰ টোলকৰ সংগ্ৰহ আৰম্ভ কৰাত ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল।
আজি AJYCPৰ নেতৃত্বত পুনৰ টোলগেটত প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে মেৰামতি নোহোৱা পৰ্যন্ত টোলকৰ নিদিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।
দাবী পূৰণ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ AJYCPৰ।












