বুলেট প্ৰুফ গ্লাছেৰে (Bullet Proof Glass) আগুৰি থকা এখন দামী বিলাসী গাড়ী ক্ৰয় কৰি আচৰিত কৰি দিলে বলীউডৰ ‘ভাইজান’ ছলমান খানে (Salman Khan)।অনুমান কৰা হৈছে যে ছলমানে কেইবাবাৰো দুষ্কৃতিকাৰীৰ পৰা মৃত্যুৰ ভাবুকি পোৱাৰ বাবে নিজৰ আৰু পৰিয়ালৰ সৰ্বোচ্চ নিৰাপত্তাৰ কথা মনত ৰাখি এই গাড়ীখন ক্ৰয় কৰাৰ সিদ্ধান্ত লয়।
এখন নিছান (Nisaan) পেট্ৰোল এছ ইউ ভি (SUV) ক্ৰয় কৰে ছলমানে। এই গাড়ীখন মাত্ৰ দক্ষিণ-পূব এছিয়াৰ গাড়ীৰ বজাৰত উপস্থিত হৈছে। এতিয়ালৈকে এই গাড়ীখন ভাৰতৰ বজাৰত দেখা যোৱা নাই। অৱশ্যে গাড়ী অনুৰাগী ছলমানে পলম নকৰিলে। এই গাড়ীখন তেওঁ বহিঃৰাষ্ট্ৰৰ বজাৰৰ পৰা মুম্বাইৰ ৰাজপথলৈ লৈ আনে। ভাৰতীয় মুদ্ৰাত গাড়ীখনৰ মূল্য প্ৰায় ৪৫.৮৯ লাখ টকা।
শীঘ্ৰেই মুক্তি পাব ছলমানৰ নতুন ছবি “কিছি কা ভাই, কিচি কি জান”। নতুন গাড়ীত উঠি এই ছবিখনৰ প্ৰচাৰ চলাই আছে ছলমানে। বুধবাৰে মায়ানগৰীত অনুষ্ঠিত হোৱা বঁটা বিতৰণ অনুষ্ঠানৰ সংবাদমেলত উপস্থিত হয় ছলমান।
তাতে ছলমানক হত্যাৰ ভাবুকিৰ বিষয়ে সোধাত হাঁহি এটা মাৰি ছলমানে কয়, “মই সকলোৰে ভাইজান নহয়, কাৰোবাৰ বাবে মই ‘জান’ও হয়।” একে সময়তে ছলমানে কয়, “মই তেওঁৰ বাবেই ভাইজান, যি মোৰ ভাতৃৰ দৰে আৰু যাক মই ভগ্নী হিচাপে দেখো।” স্বাভাৱিকভাবেই ছলমানৰ এই উত্তৰত সাংবাদিকসকলৰ মাজত হাঁহিৰ ৰোল উঠে।