ASSAM TIMES POST
ভেৰগাঁওঃ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। হাতীৰ উপদ্ৰৱত এতিয়া অঞ্চলটোৰ ৰাইজে কটাবলগীয়া হৈছে বিনিদ্ৰ ৰজনী। মূলতঃ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি হাতীয়ে জনাঞ্চলত প্ৰবেশ কৰাতে মানুহৰে সংঘাত তীব্ৰতৰ হৈছে।
ইয়াৰ মাজতে যোৱা নিশা বন্যহস্তীয়ে ওদালগুৰিৰ সীমামূৰীয়া বাক্সাৰ দেওচুঙা গাঁৱত প্ৰবেশ কৰি কেইবাটাও বাসগৃহ ভঙাৰ লগতে ধান খাই অনিষ্ট সাধন কৰে৷
উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি গাঁৱখনত ধাৰাবাহিকভাৱে বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী ৰাইজে৷ মন কৰিবলগীয়া যে ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত অঞ্চলটোৰ কেইবাজনো লোক নিহত হোৱাৰ লগতে বহুজন আহত হ’ব লগা হৈছে।











