মানৱ সমাজত লজ্জানত কৰি মাঞ্জাত উদ্ধাৰ হৈছে অচিনাক্ত নৱজাতকৰ মৃতদেহ (Dead body of a new-born child found at manja) উদ্ধাৰ হৈছে ৷ আৰক্ষী সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি শণিবাৰে নিশা ৯ মান বজাত মাঞ্জা (Manja) থানা এলেকাৰ জয়চিং হাঞ্চে গাঁৱৰ যমুনা নদীত এটি অচিনাক্ত অপৈণত (মহিলা) নৱজাতকৰ মৃতদেহ ৰাইজে পুতি থোৱাৰ খবৰ লাভ কৰি ঘটনাস্থলীলৈ গৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে।
উল্লেখ যোগ্যযে অচিনাক্ত আৰু অপৈণত মৃতদেহটি জয়ছিং হাঞ্চ গাঁৱৰ যমুনা নৈৰ পানীত উপঙি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি মৃতদেহটো পুতি থয় ৷ পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই চুৰতহাল কৰাই ডিএমচিএইছ মৰণোত্তৰ পৰীক্ষা কৰায় ৷আজি যাৱতীয় আইনী কাম-কাজ আৰু আনুষ্ঠানিকতা সমাপন কৰাৰ পিছত বৰ্তমান উদ্ধাৰ হোৱা অচিনাক্ত আৰু অপৈণত মৃতদেহটি চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা ডিএমচিএইছৰ মৰ্গ গৃহত সংৰক্ষণ কৰি ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷