অপেক্ষাৰ অন্ত পেলাই আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ক্ৰিকেটৰ মেগা ইভেণ্ট আই পি এল-২০২৩ (IPL-2023)। এইবাৰ অনুষ্ঠিত হৈছে আই পি এলৰ ১৬ সংখ্যক সংস্কৰণ।
বিগত কেইটামান বছৰত কোভিড পৰিস্থিতিৰ বাবে আড়ম্বৰবিহীনভাৱে আৰম্ভ হোৱা আই পি এল এইবাৰ পূৰ্বৰ ফৰ্মলৈ উভতি গৈছে। বৰ্ণাঢ্য আৰম্ভণি অনুষ্ঠানত এইবাৰ গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত (Narendra Modi Stadium in Gujarat) অৰিজিৎ সিং, ৰশ্মিকা মান্দানা, তামান্না ভাতিয়া আৰু কেটৰিনা কাইফৰ গীত-নৃত্যত উছাহত মতলীয়া হয় হাজাৰ হাজাৰ দৰ্শক।
তাৰ মাজতে ৰথৰ পৰা নামি ষ্টেডিয়ামৰ অস্থায়ী মঞ্চলৈ আগবাঢ়ি আহে আজিৰ উদ্বোধনী মেচৰ দুই অধিনায়ক ক্ৰমে চাৰিবাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছৰ (Chennai Super Kings) মহেন্দ্ৰ সিং ধোনি আৰু বৰ্তমানৰ চেম্পিয়ন গুজৰাট টাইটানছৰ (Gujarat Titans) হাৰ্ডিক পাণ্ডিয়া। মঞ্চত উপস্থিত থাকে বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নী (Roger Binny), যুটীয়া সচিব জয় শ্বাহ আৰু আই পি এলৰ অধ্যক্ষ অৰুণ ধুমল।
সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠান প্ৰায় ৫০ মিনিট ধৰি চলে।টাটা আই পি এল ২০২৩ৰ (Tata IPL-2023) উদ্বোধনী মেচত আজি গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই টছত জয়লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়।