পাকিস্তানৰ (Pakistan) অর্থনৈতিক সঙ্কট অতি গম্ভীৰ অৱস্থালৈ গতি কৰিছে। এইবাৰ দেশখনৰ খোদ চৰকাৰী সংস্থাই জনাইছে যে মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি হৈ ৪৭ শতাংশত উপনীত হৈছে! পাকিস্তানী সংস্থা পাকিস্তান ব্যুৰো অব ষ্টেটিষ্টিকছে (Pakistan Bureau of Statistics) সংবেদনশীল মূল্য সূচকৰ (এছপিআই) হিচাবত এই পৰিসংখ্যা পেৱা গৈছে।
সংস্থাটোৰ বার্ষিক ৰিপোর্টত কোৱা হৈছে, দেশত পেট্রোলিয়াম (Petroleum) দ্রব্যৰ বিপুল মূল্যবৃদ্ধি হোৱাৰ কাৰণে নিত্যপ্রয়োজনীয় সকলো বস্তুৰেই দাম বৃদ্ধি হৈছে। কিন্তু আটা-ময়দা আৰু কণীৰ দৰে গৃহস্থালিত ব্যৱহৃত অতি প্ৰয়োজনীয় সামগ্ৰীৰ দাম তিনি গুণ বৃদ্ধি হোৱাত চিন্তাত পৰিছে সাধাৰণ মানুহ। চৰকাৰী পৰিসংখ্যা মতে, বিগত কেইটামান দিনত পাকিস্তানত পিঁয়াজৰ দাম বাঢ়িছে ২২৮.২৮ শতাংশ। চিগাৰেটৰ দাম বাঢ়িছে ১৬৫.৮৮ শতাংশ। ডিজেল (Diesel) আৰু পেট্ৰোল (Petrol) ৰ দাম বাঢ়িছে যথাক্রমে ১০২.৮৯ শতাংশ আৰু ৮৯.১৭ শতাংশ।
আর্থিক সঙ্কটৰ পৰা মুক্তি পাবলৈ আন্তর্জাতিক মুদ্ৰানিধিৰ (International Monetary Fund) পৰা ১১০ কোটি ডলাৰৰ ঋণ বিচাৰিছে পাকিস্তানে। অৱশ্যে এই ঋণ পাবৰ বাবে বহু চর্ত আৰোপ কৰিছে আইএমএফে। তাৰ ভিতৰত এটি হৈছে পেট্রোলিয়াম সামগ্রীৰ মূল্য নির্দিষ্ট এটি অঙ্কত ৰাখিব লাগিব।
পাকিস্তানে অৱশ্যে আইএমএফৰ সৈতে বুজাবুজিৰ চুক্তিলৈ যোৱাৰ পূৰ্বে এটি অভিনৱ পৰিকল্পনা গ্ৰহণ কৰিছে। পাক প্রধানমন্ত্রী শ্বহবাজ শ্বৰিফে (Shehbaz Sharif) জনাইছে, নির্দিষ্ট এটি অঙ্কৰ বেছি আয় কৰা ধনী ব্যক্তিসকলে পেট্রোল-ডিজেল কিনিবলৈ অতিৰিক্ত শুল্ক দিব লাগিব। শুল্কৰ বাবদ লাভ কৰা এই ধন ভর্তুকি হিচাবে জনকল্যাণমূলক বিভিন্ন প্রকল্পত ব্যয় কৰা হ’ব।