
কাৰ্বি আংলঙৰ(Karbi Anglong) লাংভকুত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ। ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ পুঁজিৰে অসম চৰকাৰৰ লোক নির্মাণ বিভাগে নির্মাণ কৰিবলগা এই সৈনিক বিদ্যালয়খনৰ মঙলবাৰে মুখ্যমন্ত্ৰীয়ে শিলান্যাস কৰে। উল্লেখ্য যে কার্বি আংলং জিলা প্ৰতিষ্ঠা দিৱসৰ মহাৰজত জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে জিলাখনত স্থাপন হ’বলগীয়া সৈনিক বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ আধাৰত এই বিদ্যালয়খন স্থাপন হ’ব। বিদ্যালয়খনৰ আন্তঃগাঁথনি পৰিচালনাৰ দায়িত্ব থাকিব ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ হাতত। প্রায় ৩৩৬ কোটি টকাৰে প্রায় ৪৪ হাজাৰ বর্গমিটাৰ এলেকাত নিৰ্মাণ হ’বলগা বিদ্যালয় চৌহদটোত মুঠ ২৮ টা অত্যাধুনিক ভৱন থাকিব। বিদ্যালয়খনৰ নিৰ্মাণকাৰ্যৰ বাবে ৩০ মাহৰ সময়সীমা নির্ধাৰণ কৰা হৈছে।
আনহাতে, এই শিক্ষানুষ্ঠানখনত ৬৪০ গৰাকী কেডেটৰ বাবে এটা সু-সজ্জিত প্রশাসনিক তথা শৈক্ষিক ভৱন, এটা গ্রন্থাগাৰ আৰু একেলগে ১২০০ লোক বহিব পৰা প্রেক্ষাগৃহৰ উপৰি শিক্ষক-কৰ্মচাৰীৰ সন্তানৰ লগতে মুঠ ২৪০ গৰাকী ছাত্র-ছাত্রীয়ে শিক্ষাগ্রহণ কৰিব পৰা এখন প্রাথমিক বিদ্যালয়ো থাকিব। লগতে মুঠ ৬০০ গৰাকী ছাত্র-ছাত্রী থাকিব পৰা হোষ্টেল আৰু শিক্ষক-কর্মচাৰীৰ আৱাসিক ভৱন, অতিথিশালা, চিকিৎসালয়, শ্বপিং কমপ্লেক্স আৰু কেডেট মেচৰো ব্যৱস্থা থাকিব।
ইয়াৰ উপৰি প্রকল্পটোত এক অত্যাধুনিক ছুইমিং পুল, হকী ষ্টেডিয়াম, ফুটবল আৰু ক্রিকেট খেলপথাৰ, বাস্কেটবল আৰু টেনিছ ক’র্ট, ইণ্ড’ৰ ষ্টেডিয়াম, অশ্বাৰোহণৰ সুবিধা, শ্বুটিং ৰেঞ্জ আৰু প্রশিক্ষণৰ বাবে অক্টেকল গ্রাউণ্ড নিৰ্মাণ কৰা হ’ব।












