
তামিলনাডুৰ পিছত এইবাৰ ছত্তীশগড়ৰ জে’লৰ দেৱাল পাৰ হৈ পলায়ন কৰে চাৰিজন বিচাৰাধীন কয়দীয়ে (Prisoners escaped)। উচ্চ নিৰাপত্তাৰক্ষী থকা কাৰাগাৰৰ পৰা কেনেদৰে কয়দীসকলে পলায়ন কৰিলে সেই কথাই সকলোকে স্তম্ভিত কৰি তুলিছে। জানিব পৰা মতে, সোমবাৰে পুৱা ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত আন্ধাৰৰ সুযোগ লৈ কয়দীকেইজনে পলায়ন কৰে। ৰাজ্যখনৰ বেমচা অঞ্চলৰ এখন কাৰাগাৰত সংঘটিত হৈছে এই ঘটনা। সহকাৰী কাৰাগাৰ অধীক্ষক সন্দীপ কুমাৰে জনোৱা মতে, বিচাৰাধীন কাৰাবন্দী চাৰিজন কাৰাগাৰৰ ৫ নং বেৰেকত আছিল।

প্ৰাৰম্ভিক অনুমান মতে, বেৰেকৰ বেৰত উঠি পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে কাৰাগাৰ কৰ্তৃপক্ষই আৰক্ষীক সতৰ্ক কৰি দিয়ে। আৰক্ষীৰ কেইবাটাও দলে কয়দীসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। ২৪ ঘণ্টাৰ পাছতো পলায়ন কৰা বন্দীসকলৰ অৱস্থান বিচাৰি পোৱা নাই। কাৰাগাৰৰ সূত্ৰ অনুসৰি, পলায়ন কৰা বন্দীকেইজন হৈছে পঞ্চুৰাম নিছাদ, ৰাজেন্দ্ৰ ৰাজ চৌধুৰী, ধৰ্মবীৰ যোগী আৰু লীলাধৰ পাল। চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পঞ্চুৰামক। বাকী তিনিজন কয়দীক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। চাৰিজন কয়দী পলায়ন কৰাৰ পিছতে আশে-পাশে থকা আৰক্ষী থানাসমূহক সতৰ্ক কৰি দিয়া হৈছে। জিলা সীমান্তত বৃদ্ধি কৰা হৈছে টহল।
কেইবাটাও নতুন আৰক্ষী চকী স্থাপন কৰি চোৰাংচোৱাগিৰি কৰা হৈছে। ইয়াৰ উপৰি কয়দীসকলৰ পলায়নৰ সম্ভাৱ্য পথৰ চিচিটিভি ফুটেজো সংগ্ৰহ কৰা হৈছে বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। কাৰাগাৰৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে। কিদৰে নিৰাপত্তাৰক্ষীৰ সুৰুঙাৰ সুযোগ পালে আৰু ক’ত গাফিলতি কৰা হৈছে তাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে একে কৌশল ব্যৱহাৰ কৰি ২০২১ চনত এই কাৰাগাৰৰ পৰা পাঁচজন বিচাৰাধীন কাৰাবন্দীয়ে পলায়ন কৰিছিল। ইয়াৰে এজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আছিল। যোৱা মাহত তামিলনাডুৰ এখন উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰৰ পৰা ১৭ জন কয়দী পলায়ন কৰিছিল।
অৱশ্যে ঘটনাৰ লগে লগে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰি কেইঘণ্টামানৰ ভিতৰতে বন্দীসকলক গ্ৰেপ্তাৰ কৰি পুনৰ জে’ললৈ অনা হয়। তামিলনাডুৰ থেনী কাৰাগাৰত সংঘটিত ঘটনাই কাৰাগাৰ প্ৰশাসন আৰু নিৰাপত্তাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে। সমালোচনাৰ সন্মুখীন হয় বিজয়ৰ চৰকাৰ। খোদ মুখ্যমন্ত্ৰী বিজয়ে এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। সকলো কাৰাগাৰৰ নিৰাপত্তা বৃদ্ধিৰ নিৰ্দেশ দিয়ে। কেৱল সেয়াই নহয়, কাৰাগাৰসমূহৰ নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈও নিৰ্দেশ দিয়ে।











