
উত্তৰাখণ্ডৰ ঋষিকেশ-বদ্ৰীনাথ ঘাইপথত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত Uttarakhand Bus tragedy) পতিত হয়। তেহৰী গড়োৱাল জিলাৰ গুলাৰ বজাৰৰ সমীপত বাছখন দলঙৰ পৰা নদীত বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ৩০-৩৫ জন যাত্ৰী আছিল। প্ৰাপ্ত খবৰ মতে, এই দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, মঙলবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। পাহাৰীয়া দলংখন পাৰ হওঁতে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাছখন দলঙৰ পৰা প্ৰায় ১০০ মিটাৰ তলত নদীত বাগৰি পৰে।

স্থানীয় থানাৰ আৰক্ষীয়ে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে সেই স্থানত উপস্থিত হয়। দুৰ্ঘটনাস্থলীত উপস্থিত হয় তেহৰী গড়হোৱালৰ জিলা দণ্ডাধীশ নীতিকা খাণ্ডেলৱাল আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতা চৌবেৰ লগতে অন্যান্য শীর্ষ প্ৰশাসনিক বিষয়াসকল। দুৰ্ঘটনাৰ তথ্য দুৰ্যোগ ব্যৱস্থাপনা দলকো দিয়া হয়। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, আহত অৱস্থাত প্ৰায় ২০ জন লোকক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। চিকিৎসাৰ বাবে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই পৰ্যন্ত এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বাকীসকলক উদ্ধাৰৰ বাবে উত্তৰাখণ্ড দুৰ্যোগ সঁহাৰি দলে চেষ্টা চলায়।
সোমবাৰে নিশা উত্তৰাখণ্ডত আন এক পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। ৰুদ্ৰপ্ৰয়াগ জিলাৰ পোখাৰীৰ পৰা ৰাচীলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায় এখন চাৰিচকীয়া বাহন। দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হয়।












