
অহা বছৰ উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে (Yogi Adityanath) যুৱ ভোটাৰৰ হৃদয় জয় কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে। দেওবাৰে লক্ষ্ণৌত চৰকাৰী অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ টেবলেট বিতৰণ কৰে। লগতে বজৰংগৱলীৰ শক্তিৰ ওপৰতো আলোকপাত কৰে। একে সময়তে তেওঁ সমাজবাদী পাৰ্টীকো আক্ৰমণ কৰি অখিলেশ যাদৱৰ যুগত উৎকোচৰ বিনিময়ত চৰকাৰী চাকৰি লাভ কৰিব পৰা গৈছিল বুলিও অভিযোগ উত্থাপন কৰে।

দেওবাৰে লক্ষ্ণৌত আয়োজিত কাৰ্যসূচীৰ পৰা ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীক টেবলেট বিতৰণ কৰা হয়। আদিত্যনাথৰ মতে, ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পঢ়া-শুনাত আৰু তেওঁলোকৰ ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব। উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই টেবলেট বিতৰণৰ পৰিসৰ কেৱল চৰকাৰী কাৰ্যসূচীত সীমাবদ্ধ নাছিল। আদিত্যনাথে বুজাবলৈ চেষ্টা কৰিছিল যে তেওঁৰ চৰকাৰে যুৱক-যুৱতীসকলৰ ভৱিষ্যত উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰিছে। তেওঁ লগতে অভিযোগ কৰে যে সমাজবাদী পাৰ্টীৰ যুগত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সুবিধা নাছিল।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এতিয়া যুৱক-যুৱতীসকলে নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বলত আগবাঢ়ি যাব বিচাৰিছে। তেওঁলোকক মাত্ৰ আধুনিক সা-সুবিধাৰ প্ৰয়োজন। কিন্তু পূৰ্বৰ চৰকাৰে উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত জড়িত আছিল।” আদিত্যনাথে আশ্বাস দিয়ে যে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে পৰিচালনাৰ অভাৱে যাতে যুৱ প্ৰজন্মৰ প্ৰতিভাৰ বিকাশত বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। তেওঁ সোঁৱৰাই দিয়ে যে তেওঁৰ চৰকাৰে ইতিমধ্যে ৬০ লাখৰো অধিক যুৱক-যুৱতীক স্মাৰ্টফোন আৰু টেবলেট যোগান ধৰিছে।
তেওঁ চৰকাৰক প্ৰশংসা কৰাৰ সময়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অখিলেশ আৰু তেওঁৰ খুড়াক শিৱপাল সিং যাদৱৰ কথাও উল্লেখ কৰে। শিৱপাল-অখিলেশৰ ‘খুড়া-ভতিজা’ যুটিটোক আক্ৰমণ কৰি তেওঁ কয় যে সমাজবাদী পাৰ্টীৰ শাসনৰ সময়ত চৰকাৰী চাকৰি কেৱল উৎকোচৰ বিনিময়ত আৰু নেতাৰ পৰামৰ্শৰ ভিত্তিতহে পোৱা গৈছিল। আদিত্যনাথে দাবী কৰে যে বিগত প্ৰায় ৯ বছৰত তেওঁৰ চৰকাৰে ৯.৫ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিছে। তেওঁ কয়, “আগতে যেতিয়াই চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাইছিল, তেতিয়াই খুড়া-ভতিজা যুটিয়ে লগে লগে ধনদাবী কৰিবলৈ আৰম্ভ কৰিছিল। উৎকোচ বা পৰামৰ্শ অবিহনে যুৱক-যুৱতীসকলে চাকৰি পোৱা নাছিল।”











