
বিলকিছ বানু দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ (Bilkis Bano) গোচৰত দুজন দোষীৰ শাস্তি স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। দুয়োকে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। বিগত ১৭ বছৰে কাৰাগাৰত বন্দী হৈ আছিল তেওঁলোক। এনে পৰিস্থিতিত ন্যায়াধীশ এম এম সুন্দ্ৰেশ আৰু ন্যায়াধীশ প্ৰসন্ন বি বৰালৰ বিচাৰপীঠে দোষী দুজনক জামিনৰ নিৰ্দেশ দিয়ে।
২০০২ চনত গোধৰা কাণ্ডৰ পিছত গুজৰাটত হোৱা অশান্তিৰ সময়ত ৩ মে’ত দহ’ৰ জিলাৰ দেৱগড় বৰীয়া গাঁৱত আক্রমণ হয়৷ গাঁৱৰ বাসিন্দা পাঁচ মাহৰ গৰ্ভৱতী বিলকিছ বানুক দলবদ্ধ ধৰ্ষণ কৰা হয়। বিলকিছৰ সন্মুখত তিনি বছৰীয়া কন্যাৰ ওপৰত শিলগুটি নিক্ষেপ কৰে আক্ৰমণকাৰীয়ে। থিতাতে শিশুটিৰ মৃত্যু হয়। নিহত হয় তেওঁৰ পৰিয়ালৰ আন কেইবাজনো সদস্য। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে মুম্বাইৰ চিবিআই আদালতত কঠোৰ শাস্তিৰ বাবে যুক্তি আগবঢ়াইছিল আৰু এই অপৰাধক “বিৰলতকৈ বিৰল” বুলি অভিহিত কৰিছিল। ২০০৮ চনৰ ২১ জানুৱাৰীত বিশেষ আদালতে মুঠ ১২ জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। বিচাৰৰ সময়ত এজন লোকৰ মৃত্যু হয়।

পিছত ২০১৭ চনত বম্বে উচ্চ ন্যায়ালয়েও তেওঁলোকৰ শাস্তি মান্যতা প্ৰদান কৰে। পিছত গুজৰাট চৰকাৰে অভিযুক্তক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। কিন্তু উচ্চতম ন্যায়ালয়ে সেই সিদ্ধান্ত গুজৰাট চৰকাৰৰ অধিকাৰৰ বাহিৰত বুলি বাতিল কৰে। ১১ জন অভিযুক্তৰ ভিতৰত বিপিন চান্দ যোশী আৰু প্ৰদীপ মোদিয়াই ২০১৭ চনৰ বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ২৮ অক্টোবৰত উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ জামিনৰ নিৰ্দেশ দিছিল।
অভিযুক্তৰ হৈ হাজিৰ হোৱা অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাই যুক্তি দিছিল যে তেওঁৰ এজন ক্লায়েণ্টৰ বিৰুদ্ধে প্ৰথম অৱস্থাত কোনো এফআইআৰ দাখিল কৰা নাছিল। ঘটনাৰ প্ৰায় তিনি বছৰৰ পিছত ঘটনাৰ লগত তেওঁৰ নাম সংযোজন হৈছিল। আনজন গুৰুতৰভাৱে অক্ষম। এনে পৰিস্থিতিত তেওঁ তেওঁলোকৰ শাস্তি স্থগিত ৰখাৰ বাবে অনুৰোধ জনায়। আনহাতে, চৰকাৰক প্ৰতিনিধিত্ব কৰি অতিৰিক্ত চলিচিটৰ জেনেৰেল ৰাজা থাকৰেই এই আবেদনৰ বিৰোধিতা কৰে। কিন্তু শেষত অভিযুক্তৰ এজন বিশেষভাৱে সক্ষম আৰু দুয়োজনেই ১৭ বছৰ কাৰাগাৰত থকা কথাটো বিবেচনা কৰি উচ্চতম ন্যায়ালয়ে জামিনৰ নিৰ্দেশ দিয়ে।








