
উচ্চতম ন্যায়ালয়ে যমুনা প্ৰদূষণ (Yamuna water pollution) সন্দৰ্ভত ৰাজ্য, জিলা আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ এক সকীয়নি বাৰ্তা প্ৰদান কৰিছে। ৰাজ্য, জিলা প্ৰশাসন আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে নদীখন যাতে কোনো ধৰণে প্ৰদূষিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যদি তেওঁলোকে প্ৰদূষণ ৰোধ কৰাত ব্যৰ্থ হয় তেন্তে ইয়াৰ দায়িত্ব ল’ব লাগিব। কেৱল সেয়াই নহয়, তেওঁলোকে জৰিমনাও ভৰিব লাগিব। সোমবাৰে যমুনা প্ৰদূষণ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ মনমোহন সিঙৰ বিভাগীয় বিচাৰপীঠে এই বাৰ্তা প্ৰদান কৰে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক প্ৰদূষণ ৰোধ কৰিব নোৱাৰিলে ৰাজ্য, জিলা আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে পৰিশোধ কৰিবলগীয়া জৰিমনাৰ হিচাপ দিবলৈ কোৱা হৈছে। আদালতে লগতে কয় যে যিসকলৰ বিৰুদ্ধে নদী প্ৰদূষণৰ অভিযোগ উত্থাপন হয় তেওঁলোকৰ পৰা এই জৰিমনা আদায় কৰিব পৰা যাব। এই ক্ষেত্ৰত কোনো চৰকাৰী বিষয়াই যদি নিজৰ কৰ্তব্যত গাফিলতি কৰা দেখা যায় তেন্তে তেওঁক পদৰ পৰা অপসাৰণ কৰিব লাগিব। ইয়াৰ উপৰি সংশ্লিষ্ট বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে যমুনা বৈ যোৱা সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে নদীখনৰ পানীৰ গুণাগুণ নিৰীক্ষণ কৰিব। যাতে কোনো অপৰিশোধিত বর্জ্য পানী নদীত প্রৱেশ নকৰে তাৰ ব্যৱস্থা কৰিব লাগে৷ আদালতৰ প্রশ্ন, নদীখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে ইমান টকা খৰচ কৰাৰ পাছতো কেনেকৈ বাঢ়িছে প্রদূষণ?
যমুনাক বচাই পৰিষ্কাৰ কৰি ৰখাটো সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ দায়িত্ব। আদালতে কয় যে আমি সকলোৱে একত্ৰিত হৈ এই নদীখনক বচাবলৈ চেষ্টা কৰা উচিত বুলি ভবাতকৈ আমি কেৱল নিজৰ অঞ্চলতে যমুনাক প্ৰদূষণমুক্ত কৰিম। উল্লেখ্য যে যমুনা গংগাৰ সৈতে একত্ৰিত হোৱাৰ আগতে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা, দিল্লী আৰু উত্তৰ প্ৰদেশৰ মাজেৰে বৈ যায়। যমুনাৰ প্ৰদূষণৰ ওপৰত নজৰ ৰাখিবলৈ ৰাজধানীত কেইবাটাও নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ পল্লা, ৱাজিৰাবাদ, আই এছ বি টি দলং, আই টি অ’ দলং, নিজামুদ্দিন দলং, ওখলা বান্ধ আৰু আছগৰপুৰৰ নিৰীক্ষণ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা পৰিসংখ্যাই দেখুৱাইছে যে প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তিনিটা কেন্দ্ৰৰ পৰিসংখ্যা অনুসৰি, আগষ্টৰ তুলনাত সেই স্থানসমূহত যমুনাৰ প্ৰদূষণ বৃদ্ধি পাইছে। দুঠাইত যমুনাৰ প্ৰদূষণ পূৰ্বৰ মাহৰ দৰেই আছে।
পৰিৱেশবিদসকলৰ মতে, দিল্লীত প্ৰৱেশ কৰাৰ পাছত যমুনা অধিক প্ৰদূষিত হৈ পৰিছে। ইয়াৰ আঁৰত আছে কাৰখানাৰ পৰা নিৰ্গত হোৱা প্ৰদূষক, নলা-নৰ্দমাৰ পানী। বিশেষকৈ চামৰাৰ কাৰখানাৰ পৰা অহা ৰাসায়নিক আৱৰ্জনাবোৰে অধিক প্ৰদূষণ কৰে। যমুনা প্ৰদূষণক লৈ ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে। বিজেপিয়ে বাৰে বাৰে দাবী কৰি আহিছে যে দিল্লীৰ পূৰ্বৰ আপ বা কংগ্ৰেছ চৰকাৰে যি নকৰিলে, সেই কাম তেওঁলোকে যোৱা ডেৰ বছৰত কৰিলে। তেওঁলোকে যমুনা আধাতকৈও অধিক চাফা কৰিছে। বিজেপিৰ এজন সাংসদে নদীত ডুব গৈ পানী খোৱাৰ ভিডিঅ’ দিয়ে। আপে মানি ল’ব বিচৰা নাই। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে প্ৰকাশ কৰিছে ‘প্ৰদূষিত’ যমুনাত থিয় হৈ থকা ষঠ পূজাৰ ছবি। ‘ষঠি মাইয়া’ই বিজেপিক ক্ষমা নকৰে বুলি দাবী কৰিছে৷ এই প্ৰতিক্ৰিয়াৰ মাজতে দিল্লীৰ যমুনা নিৰীক্ষণ কেন্দ্ৰৰ পৰিসংখ্যা প্ৰকাশ পাইছে। যমুনা দিল্লীত প্ৰৱেশ কৰাৰ পিছত ক্ৰমান্বয়ে প্ৰদূষণ বৃদ্ধি পোৱা দেখা গৈছে।









