পাহাৰীয়া জিলা কাৰবি আংলঙত (Karbi Anglong) জনসাধাৰণৰ নিৰাপত্তাৰ বাবে নিয়োজিত ২০ বিএন চিআৰপিএফে (20 BN CRPF) সাধাৰণ জনতাৰ সৈতে সৌহাৰ্দমূলক আৰু বন্ধুত্ব সুলভ মনোভাৱ প্ৰদৰ্শনৰ বাবে জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে ৷ তাৰে অংশ স্বৰূপে আজি বিয়লিৰ ভাগত কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু (Diphu)ৰ সমীপৰ ৰংমিৰ্দানতো (Rangmirdan) বিৰলাস্থিত ২০ বিএন চিআৰপিএফে এলেকাটোত ১০টাকৈ ছ’লাৰ ষ্ট্ৰীট লাইটৰ (Solar Street Lights) আধাৰশিলা স্থাপন কৰে ৷
২০ বিএন চিআৰপিএফ আৰু চিআৰপিএফৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আৰু স্থানীয় গাওঁবুঢ়া লগতে ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে (Deputy Commissioner Madhumita Bhagwati)
ভাষণ প্ৰসংগত ২০ বিএন চিআৰপিএফৰ দ্বিতীয় কামাণ্ডেণ্ট তিলক ৰাজে কয়যে, চিআৰপিএফে সদায় ৰাইজৰ বুনিয়াদী অভাৱ- অভিযোগৰ প্ৰতি সন্মান জনাই আহিছে৷ জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ অধীনত জিৰণি চৰা, বজাৰ অপেক্ষা চ’ৰা, টিউবৱেল, ছ’লাৰ লাইট, খোৱাপানীৰ ব্যৱস্থাৰ বাবে পানী টেংকি, স্বাস্থ্য শিৱিৰ আদিৰ ব্যৱস্থা কৰি আহিছে ৷ আজি ৰংমিৰ্দানতো ৰাইজৰ সুবিধাৰ্থে ১০ টাকৈ ছ’লাৰ ষ্ট্ৰীট লাইটৰ আধাৰশিলা স্থাপন কৰা হৈছে ৷আনহাতে জিলা উপায়ুক্ত মধুমিতা ভাগৱতীৰ বহুমূলীয়া ভাষণ প্ৰসংগত কয়যে, সাধাৰণ ৰাইজৰ প্ৰতি দেখুৱা সহানুভূতি আৰু জন কল্যাণমূলক সেৱাৰ বাবে চিআৰপিএফ প্ৰসংসাৰ যোগ্য ৷
ৰংমিৰ্দানৰ দৰে ঠাইত চিআৰপিএফৰ উদ্যোগত স্থাপন হ’বলগীয়া ছ’লাৰ ষ্ট্ৰীট লাইটে অন্ধকাৰময় এলেকাটোত দুষ্কৃতিকাৰীৰ দুষ্কাৰ্যৰ পৰা ৰক্ষা পৰিব ৷ ইয়াৰোপৰি চৰকাৰৰ ‘হৰ ঘৰ জল’ আঁচনিৰ জৰিয়তে যাতে জিলাখনৰ প্ৰতিটো ঘৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ সুব্যৱস্থাৰ বাবে উপায়ুক্ত গৰাকী সদায় যত্নপৰ হৈ থাকিব বুলি কয় ৷
আনহাতে উক্ত এলেকাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যাতে ২০২৬ চনৰ ভিতৰত বাল্য বিবাহ নিৰ্মূল হয় তাৰ বাবে স্থানীয় সমাজ সচেতন ৰাইজৰ প্ৰতি আহ্বান জনায় ৷ কাৰ্বি আংলঙ জিলাক বাল্যবিবাহমুক্ত জিলা হিছাপে গঢ়ি তুলিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ৷