মঙলবাৰে নিশা আফগানিস্তান (Afghanistan) আৰু পাকিস্তানক (Pakistan) ভয়ংকৰ ভূমিকম্পই জোকাৰি যায়। দিল্লী (Delhi), জম্মু-কাশ্মীৰকে (Jammu-Kashmir) ধৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যতো একাধিক কম্পন অনুভূত হয়। পাকিস্তানত এতিয়ালৈকে ভূমিকম্পত ১১ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, শ শ লোক আহত হৈছে।
মঙলবাৰে নিশা প্ৰায় ১০.১৭ বজাত আফগানিস্তানত প্ৰথম কম্পন অনুভৱ কৰা হয়। যাৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৬.৫। যদিও আফগানিস্তানৰ জুৰ্মত ১৮০ কিলোমিটাৰ গভীৰ ভূমিকম্পৰ উৎস আছিল, তথাপিও পাকিস্তানৰ খাইবাৰ পখতুনখোৱা অঞ্চলৰ যথেষ্ট ক্ষতিসাধন হয়।
প্ৰদেশখনত কমেও ১১ জন লোকে প্ৰাণ হেৰুৱায়। আহতসকলৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বহুকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। পাকিস্তানৰ ৱাট ভেলী অঞ্চলো বিধ্বস্ত। ইতিমধ্যে দেশখনত জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰা হৈছে।