বলীউডৰ (Bollywood) ‘ভাইজান’ (Bhaijan) ছলমান খান (Salman Khan) সাময়িক বিৰতিৰ অন্তত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে।তেওঁৰ নতুন ছবি ‘কিসি কা ভাই কিসি কি জান’ এই ছবিখন আগন্তুক ঈদত মুক্তি পাবলৈ ওলাইছে। বলীউডৰ ‘দাবাং’ অভিনেতাগৰাকীয়ে অনুৰাগীৰ বাবে আন এক চমক কঢ়িয়াই আনিছে। ‘কিসি কা ভাই, কিসি কি জান’ চিনেমাত তেওঁ গীতো গাইছে।
সূত্ৰ অনুসৰি, ‘কিসি কা ভাই কিসি জান’ ছবিৰ এলবামত ‘নয়ো লগদা’ গীতটোৰ আন এটা সংস্কৰণ আছে। সেই সংস্কৰণটো ছলমানে নিজেই গাব। গীতটো ৰচনা কৰিব হিমেশ ৰেশমিয়াই। শেহতীয়াকৈ সুৰকাৰ হিমেশ ৰেশমিয়াই তেওঁৰ ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। তেওঁ ছলমান খানক টেগ কৰি পোষ্টটোত লিখিছে, তেওঁ সঁচাকৈয়ে উত্তেজিত।
ছবিপ্ৰেমীসকলে ‘ভাইজান’ চাবলৈ আৰু তেওঁৰ কণ্ঠ শুনিবলৈ আগ্ৰহী। অৱশ্যে এইটো ছলমানৰ কণ্ঠত প্ৰথম গীত নহয়। ২০১৪ চনত মুক্তি পোৱা ‘কিক’ চিনেমাত ‘হেংগওভাৰ’ গীতটো গাইছিল চল্লু ভায়ে। তাৰ পিছত টাইটেল ট্ৰেক ‘মে হু হিৰো তেৰাʼৰ সংস্কৰণো গোৱা হৈছিল ‘হিৰো’ ছবিখনত। টাইটেল ট্ৰেকত কন্ঠদান কৰিছে যুৱ শিল্পী আৰমান মালিকে। দুয়োটা গীতেই যথেষ্ট জনপ্ৰিয় আছিল।