মাৰাত্মক ড্ৰাগছ বিৰোধী অভিযান আৰু অনান্য ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে ডিফুৰ গণৰাজ্য দিৱসত(Republic Day) কাৰবি আংলঙৰ ১০ জনকৈ আৰক্ষী আৰু হোমগাৰ্ড জোৱানক সম্বৰ্ধনা জিলা প্ৰশাসনৰ (Felicitation programme by district administration)৷
আজি ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ডিফুত জিলাখনৰ ১০ জনকৈ আৰক্ষী জোৱানক সম্বৰ্ধিত কৰাৰ লগতে পুৰষ্কৃত কৰা হয় ৷ আৰক্ষী জোৱান সকলক সম্বৰ্ধনা জনায় কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ড: তুলিৰাম ৰংহাঙে ৷
সম্বৰ্ধনা লাভ কৰা জোৱান সকল ক্ৰমে, খটখটী থানাৰ ইউবিচি ৰমিজুল হাজৰিকা, মাঞ্জা থানাৰ ভৱেশ্বৰ দাস, এবিচি অজয় তাঁতী, এবিচি চাম্বৰ ৰংপি, ডিলাই থানাৰ হোমগাৰ্ড সকল ক্ৰমে মানচিং টকবী, সত্যেন্দ্ৰ নাথ, বিমল মুছাহাৰী, মহেন্দ্ৰ মেধি আৰু তেনচিং তেৰাঙ ৷