‘ছুপাৰছনিক মিছাইল এচিষ্টেড ৰিলিজ অৱ টৰ্পিডো’ (Supersonic Missile Assisted Release of Torpido) (সংক্ষিপ্তভাৱে ‘SMART’) হৈছে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এক অত্যাধুনিক চাবমেৰিন বিৰোধী ক্ষেপণাস্ত্ৰ। ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Indian Defence Research and Development Organisation)ই বুধবাৰে ওড়িশা উপকূলৰ এপিজে আব্দুল কালামৰ নামেৰে নামাকৰণ কৰা হুইলাৰ দ্বীপত ইয়াৰ সফল পৰীক্ষা সম্পন্ন (Successful test completed) কৰে।
ছুপাৰছ’নিক ‘স্মাৰ্ট’ৰ সফল পৰীক্ষা ডিআৰডিঅ’ৰ বাবে এক নতুন প্ৰাপ্তি বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই মিছাইল কঢ়িয়াই নিয়া লঘু টৰ্পিডোবোৰে দ্ৰুতগতিত ছাবমেৰিনক লক্ষ্য কৰি ল’ব পাৰে।
ফলত যুদ্ধৰ পৰিস্থিতিত শত্ৰুৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ সুবিধা হ’ব। ডিআৰডিঅ’ৰ সূত্ৰ অনুসৰি, যোৱা বছৰ কঠিন ইন্ধনযুক্ত ‘স্মাৰ্ট’ৰ প্ৰথমটো পৰীক্ষা হৈছিল। ইয়াৰ পিছত ইয়াৰ আধুনিকীকৰণ ধাপে ধাপে চলি আছে।
বুধবাৰে ওড়িশাৰ উপকূলৰ পৰা ‘গ্ৰাউণ্ড ম’বাইল লঞ্চাৰ’ৰ (সাধাৰণতে মিছাইল ট্ৰাক) পৰা ‘স্মাৰ্ট’ উৎক্ষেপণ কৰা হয়। ইয়াৰ পিছত ডিআৰডিঅ’ৰ বিজ্ঞানীসকলে মিছাইলটোৰ গাইডেন্স চিষ্টেম আৰু পেৰাচুটত অৱতৰণ কৰা টৰ্পিডোৰ টাৰ্গেটিং ক্ষমতা পৰীক্ষা কৰে। হায়দৰাবাদৰ গৱেষণা কেন্দ্ৰ বিল্ডিং, আগ্ৰাৰ আকাশী ডেলিভাৰী গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান, বিশাখাপট্টনমৰ নৌ বিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰে এই প্ৰকল্পত সহযোগিতা আগবঢ়াইছে।