
আজি সন্ধিয়া ৮ বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ নেতৃত্বত খটখটী (Khatkhati) থানা এছ আই দীপক লাহন, স্বমধন স্বৰ্গীয়াৰ সহযোগত ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মন জিলালৈ আহি থকা এখন নৈশ বাছ (Night Bus)ৰ পৰা ৭২.৫০ গ্ৰাম হেৰ’ইন জব্দ (72.50 gm heroin seized) কৰিবলৈ সক্ষম হয়৷

ছয়টা চাবোনৰ বাকচত ভৰাই অনা ড্ৰাগছখিনি এটা স্কুল বেগত জাহচুব কন্যাক (১৯) নামৰ যুৱকজনে কঢ়িয়াই আনিছিল৷ এনএল ০৭ বি ০৯০৮ নৈশ বাছখনত চলোৱা তালাচী কালত এই নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰা হয়৷ জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ৬ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷













