কিছুদিন পূৰ্বে আৰম্ভ হৈছিল জল্পনা-কল্পনা। অৱশেষত সেয়াই চূড়ান্ত ৰূপ পালে। লগে লগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাও সফল হ’ল। মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তৰ সমীপৰ নয়াবস্তি অঞ্চলত উত্তৰ বংগত সক্ৰিয় উগ্ৰপন্থী সংগঠন কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ (Kamtapur Liberation Organisation) মুৰব্বী জীৱন সিংহই (Chief Jeevan Singh) ছয়জন অনুগামীৰ সৈতে আত্মসমৰ্পণ (surrender) কৰে।
সম্প্ৰতি তেওঁলোক কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ জিম্মাত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, জীৱন আৰু তেওঁৰ অনুগামীসকলৰ আত্মসমৰ্পণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য ভূমিকা পালন (Assam Chief Minister Himanta Biswa Sarma plays a key role) কৰিছিল। কেএলঅ’ৰ নেতাসকলে আত্মসমৰ্পণ কৰাৰ লগে লগে এতিয়া অসমত শীঘ্ৰে আৰম্ভ হʼব শান্তি আলোচনা। কিন্তু কিহৰ ভিত্তিত আলোচনা হ’ব, কেএলঅ’ৱে কিবা নিৰ্দিষ্ট চৰ্ত ৰাখিছে নেকি সেই সন্দৰ্ভত এতিয়ালৈকে একো জানিব পৰা হোৱা নাই।
কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ এক সূত্ৰই দাবী কৰিছে যে বিগত কিছুদিন ধৰি তেওঁলোক নাগালেণ্ডৰ মন জিলাৰ সিপাৰে ম্যানমাৰত শিবিৰ পাতি আছিল। ভাৰতলৈ উভতি যাবলৈ সাজু হৈছে— এই বাৰ্তা প্ৰেৰণ কৰাৰ পিছত অসম ৰাইফলছৰ এটা দল মন জিলালৈ যায়। ভাৰত-ম্যানমাৰ সীমান্ত চুক্তি অনুসৰি দুয়োখন দেশৰ লোকে সীমান্তৰ দুয়োপাৰে ১৬ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সূত্ৰ অনুসৰি, উক্ত অঞ্চলতে আত্মসমৰ্পণ কৰা হৈছিল।
উল্লেখ্য, অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্তই বিগত এবছৰ ধৰি কেএলঅ’ নেতৃত্বৰ সৈতে আলোচনা কৰি শান্তি ঘূৰাই আনিবলৈ তৎপৰ হৈ আছে। আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজবংশী ৰাষ্ট্ৰীয় পৰিষদৰ নেতা বিশ্বজিৎ ৰায় অন্যতম মধ্যস্থতাকাৰী আছিল। ১৯৯৫ চনত গঠন হোৱা কেএলঅ’ৱে সুকীয়া কামতাপুৰৰ দাবীত উত্তৰ বংগৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি সন্ত্ৰাস বিয়পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।
২০০৩ চনত ‘অপাৰেচন অল ক্লিয়াৰ’ আৰু ‘অপাৰেচন ফ্লেছ আউট’ আৰু ভূটান বাহিনীয়ে আলিপুৰদুৱাৰ সমীপৰ ভূটানৰ জংঘলত ভিত্তি কৰি কেএলঅ’ আৰু ইয়াৰ সংযুক্ত সংস্থাসমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। জীৱনৰ ভগ্নী সুমিত্ৰা, ভনীজোৱাই ধনঞ্জয় বৰ্মন, উপ-সভাপতি হৰ্ষবৰ্ধন, সেনা প্ৰধান টম অধিকাৰী, কৈলাশ কোচৰ দৰে কেএলঅ’ৰ শীৰ্ষ নেতাই আত্মসমৰ্পণ কৰে।
কিন্তু জীৱনে ম্যানমাৰলৈ পলায়ন কৰি নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ (খাপ্লাং) শিবিৰত আশ্ৰয় লয়। শেহতীয়াকৈ জীৱন আৰু তেওঁৰ আত্মীয়ই দাবী কৰে যে ১৯৪৯ চনৰ একত্ৰীকৰণ চুক্তিৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে সুকীয়া কামতাপুৰ ৰাজ্য দিবলৈ শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰিছে। যদি সেয়ে হয়, তেন্তে পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিক্ৰিয়া ৰাজ্যত লক্ষণীয় হ’ব।