কংগ্ৰেছে লিখিতভাৱে ঘোষণা কৰক যে ক্ষমতালৈ আহিলে তেওঁলোকে ধৰ্মৰ ভিত্তিত সংৰক্ষণ (Reservation on the basis of religion) নকৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) কংগ্ৰেছক এই প্ৰত্যাহ্বান (Challenge to Congress) জনায়। গুজৰাটত নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা মোডীয়ে এই প্ৰত্যাহ্বান জনায়।
তেওঁ কয়, “কংগ্ৰেছৰ উদ্দেশ্য অনুসূচিত জাতি আৰু জনজাতি, দলিত, সমাজৰ পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ সংৰক্ষণ চুৰি কৰি মুছলমানক দিয়া। শ্বাহজাদা (ৰাহুল গান্ধী) আৰু তেওঁৰ মিত্ৰ সকলো দলে এই নকৰো বুলি ঘোষণা কৰক। যদি সাহস আছে তেন্তে ধৰ্মৰ ভিত্তিত সংৰক্ষণ নকৰো, সংবিধানৰ লগত খেলা নকৰো বুলি ঘোষণা কৰক।
কিন্তু ঘোষণা কৰিব নোৱাৰে, কাৰণ ‘দাল মে কুচ কালা হে’। মোডী জীয়াই থকালৈকে কংগ্ৰেছে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ খেল খেলিবলৈ নিদিয়ে।”
আনহাতে, মোডীয়ে কংগ্ৰেছৰ বিৰুদ্ধে মিছা প্ৰচাৰ চলোৱাৰো অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ কৰে যে বিগত লোকসভা নিৰ্বাচনৰ দৰেই কংগ্ৰেছে অসত্য কথা কৈ নিৰ্বাচনত প্ৰৱেশ কৰিছে। তেওঁ কয়, “যেনেকৈ ৰাফেলৰ প্ৰসংগ লৈ আহিছিল, এতিয়া তেওঁলোকে সংবিধান লৈছে। ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি আছে, আমি সংৰক্ষণ কাঢ়ি লম। সকলো মিছা, অপপ্ৰচাৰ। বাবা চাহেব আম্বেদকাৰে দিয়া সংবিধান সলনি কৰাৰ পাপ কৰিবলৈ মোৰ জন্ম হোৱা নাই। এই মিছা কথাৰ বাবে কংগ্ৰেছক শাস্তি দিয়া হ’ব। আপোনালোকে দেখিব যে এইবাৰ তেওঁলোকে যোৱাবাৰতকৈও কম আসন পাব।”