অৱসান ঘটিবলৈ আগবাঢ়িছে ভাৰতীয় ফুটবলৰ এটা যুগৰ। কিয়নো অৱসৰ ল’বলৈ আগবাঢ়িছে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে (Indian football team captain Sunil Chhetri)। অহা ৬ জুনত কলকাতাৰ যুৱ ভাৰতী ষ্টেডিয়ামত কুৱেইটৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফাইং মেচত অৱতীৰ্ণ হ’ব ভাৰত (India to take on Kuwait in World Cup qualifying match)। উক্ত মেচখনেই হ’ব দেশৰ জাৰ্চিত সুনীলৰ অন্তিম মেচ (Sunil’s last match in the country’s jersey)। বৃহস্পতিবাৰে এক ভিডিঅ’ বাৰ্তাযোগে তেওঁ এই ঘোষণা কৰে।
বৃহস্পতিবাৰে পুৱা ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ মেছেজ প্ৰকাশ কৰে সুনীলে। তাত তেওঁ কয়, “জীৱনৰ এটা দিন মই কেতিয়াও পাহৰিব নোৱাৰো। সেইটো হৈছে যিদিনা মই প্ৰথমবাৰৰ বাবে দেশৰ জাৰ্চি পিন্ধি ভাৰতৰ হৈ খেলিছিলো। অবিশ্বাস্য অনুভৱ। কিন্তু তাৰ আগদিনা পুৱা জাতীয় দলৰ মোৰ প্ৰথম প্ৰশিক্ষক সুখী ছাৰে (সুখবিন্দৰ সিং) আহি মোক খবৰ দিয়ে যে মই প্ৰথম একাদশত আছো। সেইটো কেনেকুৱা অনুভৱ আছিল তাক মই বুজাব নোৱাৰো।”
সুনীলে লগতে কয়, “প্ৰথমবাৰৰ বাবে জাৰ্চি পোৱাৰ পিছত তাৰ ওপৰত কিছু সুগন্ধি স্প্ৰে’ কৰো। কিয় জানো সেইদিনা কি হৈছিল, ব্ৰেকফাষ্টৰ পৰা লাঞ্চ টেবুলৰ কথা, মেচত মোৰ ফিল্ডিং আৰু অভিষেকৰ সময়ত গ’ল, তাৰ পিছত ৮০ মিনিটত গ’ল, জাতীয় দলৰ প্ৰথম দিনটোত এইবোৰ ঘটনাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো।”
আনহাতে, দেশৰ হৈ খেলাৰ আনন্দ আৰু একে সময়তে অসহ্যকৰ চাপৰ বিষয়েও সুনীলে বৰ্ণনা কৰে। তেওঁ কয়, ‘বিগত ১৯ বছৰত দেশৰ হৈ খেলাৰ অসহ্য চাপ আৰু আনন্দ সদায় মোৰ লগত আছে। ব্যক্তিগতভাৱে মই কেতিয়াও ভবা নাছিলো যে দেশৰ হৈ ইমানবোৰ মেচ খেলিম, ভাল হওক বা বেয়া হওক, ইমানখিনি কৰিব পাৰিম। এতিয়া ভাবিব পাৰিছো। যোৱা ডেৰ মাহ ধৰি মই অনুভৱ কৰি আছো আৰু যথেষ্ট অদ্ভুত অনুভৱ হৈছে। কাৰণ মই হয়তো উপলব্ধি কৰিছিলো যে পৰৱৰ্তী মেচখন মোৰ অন্তিম মেচ হ’ব।”
উল্লেখ্য যে ২০০৫ চনৰ ১২ জুনত সুনীল ছেত্ৰীয়ে পাকিস্তানৰ বিৰুদ্ধে জাতীয় দলৰ জাৰ্চি পিন্ধি প্ৰথমখন মেচ খেলে। প্ৰথমখন মেচতে তেওঁ গ’ল দিয়ে। সুনীলৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল ২০০৭ চনৰ নেহৰু কাপ। প্ৰথমখন মেচত ভাৰতে কম্বোডিয়াক ৬-০ গ’লত পৰাস্ত কৰে। সুনীলে তাত দুটা গ’ল দিয়ে। ছিৰিয়াৰ হাতত পৰাজয় আৰু কিৰ্গিস্তানৰ বিৰুদ্ধে জয়লাভতো তেওঁ গ’ল দিয়ে।
সেয়াই আৰম্ভণি। তাৰ পিছত আৰু তেওঁ উভতি চাবলগা হোৱা নাই বৰং ক্ৰমান্বয়ে ভাৰতৰ এক নম্বৰ ষ্ট্ৰাইকাৰ হৈ পৰে। বাইচুং ভূটীয়াই অৱসৰ লোৱাৰ পিছত ভাৰতীয় ফুটবলৰ প্ৰধান মুখ হৈ পৰে সুনীল।