শেহতীয়াকৈ অৰুণাচলত আশ্ৰয় লৈ থকা চাকমা হাজং শৰণাৰ্থীক (Chakma Hajong refugee) অসমত সংস্থাপিত কৰিব বুলি ওলোৱা এক খবৰে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) নিজৰ স্থিতি স্পষ্ট (status is clear) কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমত চাকমা আৰু হাজং শৰণাৰ্থীক সংস্থাপিত কৰাৰ সন্দৰ্ভত তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এই দাবী কৰে।
নাগৰিকত্ব (সংশোধনী) আইন ৰূপায়ণৰ পিছত অৰুণাচল প্ৰদেশৰ পৰা এই শৰণাৰ্থীসকলক অসমলৈ স্থানান্তৰিত (Refugees relocated to Assam) কৰাৰ বাবে আলোচনা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ মন্তব্যৰ (Union Minister Kiren Rijiju’s remarks) পিছতে তেওঁৰ এই মন্তব্য আহিছে।
“ৰিজিজুৱে কি কৈছে মই নাজানো, কিন্তু ভাৰত চৰকাৰে এই বিষয়বোৰ আমাৰ সৈতে আলোচনা কৰা নাই। অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰিজিজুৱে হয়তো কিবা কৈছিল।” এক নিৰ্বাচনী প্ৰচাৰ সভাৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এনেদৰে কয়।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ বাবে কোনো ভূমি উপলব্ধ নাই। তেওঁ লগতে কয়, “চাকমা বা হাজং সম্প্ৰদায়ৰ কোনেও মোক লগ কৰা নাই বা ভাৰত চৰকাৰে মোৰ সৈতে আলোচনা কৰা নাই। মই নিৰ্বাচনৰ পিছত বিষয়টো সম্পৰ্কে ৰিজিজুৰ সৈতে কথা পাতিম।”
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অৰুণাচল প্ৰদেশত বাস কৰা প্ৰায় ৬,০০০-৭,০০০ অসমীয়া লোকক অসম চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব।
উল্লেখযোগ্য যে ৰিজিজুৱে যোৱা সপ্তাহত ইটানগৰত এখন সংবাদমেলত দাবী কৰে যে ৰাজ্যখনৰ বাবে কা এক ‘ডাঙৰ আশীৰ্বাদ’ হৈ আহিছে। কিয়নো ই তেওঁৰ ৰাজ্যৰ যিকোনো বিদেশী বা শৰণাৰ্থীৰ নাগৰিকত্বৰ দুৱাৰ বন্ধ কৰি দিছে।
তেওঁ কয় যে চাকমা, হাজং শৰণাৰ্থীসকলক তেওঁলোকৰ পুনৰ সংস্থাপনৰ সুবিধাৰ বাবে ৰাজ্য ত্যাগ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনোৱা হৈছে।
“আমি অসম চৰকাৰ আৰু আন লোকসকলৰ সৈতে স্থানান্তৰৰ বাবে কথা পাতিছো। কিন্তু চিনাক্তকৰণ (পুনৰ্সংস্থাপনৰ বাবে ভূমি) কৰাৰ পূৰ্বে আমি এই বিষয়ে বেছি আলোচনা কৰিব নিবিচাৰো। মই এই ইংগিত দিব পাৰোঁ যে আমি অসম চৰকাৰৰ সৈতে কথা পাতিছো।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।
ৰিজিজুৱে লগতে কয় যে তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিছে আৰু লগতে শৰণাৰ্থীসকলক স্থানান্তৰিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতেও কথা পাতিছে।
উল্লেখযোগ্য যে ১৯৬০ ৰ দশকৰ পৰা অৰুণাচল প্ৰদেশত ৬০,০০০ তকৈও অধিক চাকমা আৰু হাজং শৰণাৰ্থীয়ে বাস কৰি আছে।
আনহাতে, ৰিজিজুৰ এই মন্তব্যৰ ফলত অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে কা বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া সংগঠনসমূহে।