
কৰ্ণাটকৰ ২৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰে (Karnataka New CM)। বুধবাৰে বিয়লি ৪ বজাত বেংগালুৰুৰ লোক ভৱনৰ গ্লাছ হাউছত ৰাজ্যপাল থাবৰচান্দ গেহলটে তেওঁক শপত গ্ৰহণ কৰায়।

শপত গ্ৰহণ অনুষ্ঠানত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে উপস্থিত থাকে।
বুধবাৰে শিৱকুমাৰৰ সৈতে দলিত নেতা জি পৰমেশ্বৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লয়। আনহাতে, ১২ গৰাকী মন্ত্ৰীৰ ভিতৰত আছে মল্লিকাৰ্জুনৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে, প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ পুত্ৰ যতীন্দ্ৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কে এইচ মুনিয়াপ্পা আৰু প্ৰভাৱশালী পিছপৰা শ্ৰেণীৰ নেতা সতীশ জাৰ্কিহোলী।
৬৪ বছৰীয়া শিৱকুমাৰে টুমকুৰ জিলাৰ ননৱিংকাৰ গংগাধৰ অজ্জয় ভোক্কালিগা মঠৰ সাধুৰ নামত শপত গ্ৰহণ কৰে। যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই পদত্যাগ কৰাৰ পিছত শনিবাৰে সৰ্বসন্মতিক্ৰমে কংগ্ৰেছ বিধায়িনী দলৰ নতুন নেতা হিচাপে নিৰ্বাচিত হয় ভোক্কালিগা সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতা তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি শিৱকুমাৰ।
২০২৩ চনৰ সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিলেও ৰাজনীতিত সক্ৰিয় হৈ থাকিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে সিদ্দাৰমাইয়াই। ইয়াৰ লগতে তেওঁ মন্তব্য কৰে, “ৰাষ্ট্ৰীয় ৰাজনীতি নহয়, মোৰ মূল গুৰুত্ব হ’ব ৰাজ্যৰ ৰাজনীতি।”
কংগ্ৰেছ সূত্ৰৰ মতে, মুখ্যমন্ত্ৰী পদ এৰি যোৱাৰ বিনিময়ত সিদ্দাৰামাইয়াক হাইকমাণ্ডে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ (যিটো চিদ্দাৰমাইয়াৰ উত্তৰাধিকাৰী মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ হাতত আছে) বা ৰাজ্যসভাৰ সাংসদ বাছি ল’বলৈ কয়। কিন্তু সংসদৰ উচ্চ সদনলৈ নাযায় বুলি স্পষ্ট কৰি দিয়ে বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে।












