উচ্চতম ন্যায়ালয় (Supreme Court)ৰ এক নিৰ্দেশৰ পিছতে নিৰ্বাচন আয়োগে (Election Commission) ভিভিপেটৰ বিশ্বাসযোগ্যতা বৃদ্ধিৰ (Enhanced credibility of VVPATs) পদক্ষেপ গ্ৰহণ কৰিছে। এই নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি ‘চিম্বল লোডিং ইউনিট’ সংৰক্ষণৰ (Saving ‘Symbol Loading Unit’) সিদ্ধান্ত লোৱা হৈছে বুলি আয়োগে জানিবলৈ দিয়ে। আয়োগে এই সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক নিৰ্দেশ দিছে। গণনাৰ পিছত ৪৫ দিনৰ বাবে ইউনিটটো সংৰক্ষণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
ইয়াৰ উপৰি বুধবাৰে আয়োগে কয় যে ‘চিম্বল লোডিং ইউনিট’টো গোলাপী কাগজত ছীল কৰি ট্ৰাংকত সুৰক্ষিত ৰাখিব লাগে। সংশ্লিষ্ট সমষ্টিৰ সকলো প্ৰাৰ্থীয়ে ছীলৰ ওপৰত স্বাক্ষৰ কৰিব। সেই সকলোবোৰ ইউনিট সংশ্লিষ্ট ৰিটাৰ্নিং অফিচাৰ বা জিলা মুখ্য নিৰ্বাচনী বিষয়াই সুৰক্ষিত কৰি ৰাখিব। এই সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ’ কৰা উচিত। উল্লেখযোগ্য যে ‘এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ নামৰ এটা সংস্থাই উচ্চতম ন্যায়ালয়ত ইভিএমত থকা সকলো ভিভিপেট গণনাৰ দাবীত গোচৰ তৰে।
ইফালে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই কয়, ‘চিম্বল লোডিং ইউনিটত প্ৰাৰ্থীৰ নাম আৰু নিৰ্বাচনী চিম্বল থাকে। তাত তথ্যসমূহ ভিভিপেটত প্ৰৱেশ কৰোৱা হয়। ইয়াৰ পিছত সেই ভিভিপেটবোৰ বুথলৈ পঠিওৱা হয়। অৰ্থাৎ চিম্বল লোডিং ইউনিট আৰু ভিভিপেটৰ তথ্য একে হ’ব। গতিকে যদি ভিভিপেটৰ বিষয়ে কোনো সন্দেহ থাকে তেন্তে চিম্বল লোডিং ইউনিটটো পৰীক্ষা কৰিলে সঠিক তথ্য পোৱা যাব। এই পৰিস্থিতিত ভিভিপেটৰ বিশ্বাসযোগ্যতা বৃদ্ধিৰ বাবে চিম্বল লোডিং ইউনিটটো সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে ২৬ এপ্ৰিলত গোচৰৰ ৰায় ঘোষণা কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে ভিভিপেটৰ ওপৰত থকা সন্দেহ দূৰ কৰিবলৈ চিম্বল লোডিং ইউনিটটো সংৰক্ষণ কৰিব লাগে। গণনাত দ্বিতীয় বা তৃতীয় প্ৰাৰ্থীয়ে পৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে সকলো ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ ফলাফলৰ সৈতে ভিভিপেটৰ কাগজখন সংযুক্ত কৰাৰ আবেদন খাৰিজ কৰে। ভিভিপেট ব্যৱস্থাৰ জৰিয়তে কাগজৰ শ্লিপৰ সৈতে ইলেক্ট্ৰ’নিক ভোটিং মেচিনত (ইভিএম) পোৱা ভোটিং ফলাফলৰ পুনৰ মূল্যায়ন (ক্ৰছ-ভেৰিফিকেচন) বিচৰা আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পিছত দুজনীয়া বিচাৰপীঠে কয় যে ভিভিপেট শ্লিপ গণনাৰ বাবে ফলাফল ঘোষণাৰ সাত দিনৰ পিছত নিৰ্দিষ্ট পৰিমাণৰ ‘মাচুল’ জমা দি আবেদন কৰিব পাৰে।