মোডী চৰকাৰে (Modi Govt.) স্বাধীনতাৰ পূৰ্বৰ সময়ৰ ১০ খনতকৈও অধিক আইন সংশোধন কৰিব বিচাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিষয়টোত ৰাজ্য চৰকাৰসমূহৰ মতামত বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যিক আৰক্ষী প্ৰধানক তেওঁলোকৰ মতামত বিচাৰি পত্ৰ লিখিছে।
গৃহ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা পঞ্জীয়ন আইন, ১৯৩৯, পাছপোৰ্ট আইন, ১৯২০, বিদেশী আইন, ১৯৪৬, ফৰেনাৰ্চ এক্ট, অফিচিয়েল চিক্ৰেটছ এক্ট, ১৯২৩ আৰু বিস্ফোৰক পদাৰ্থ আইন, ১৯০৮ৰ সংশোধন কৰিব বিচাৰে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে আইন সংশোধনৰ বাবে আমোলাসকলক এখন ৰোড মেপ প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।
মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰধানমন্ত্ৰী মোডীয়ে সকলো মন্ত্ৰালয়ৰ সচিবালয়ক নতুন চৰকাৰ গঠনৰ পিছত প্ৰথম ১০০ দিনৰ বাবে কামৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই দাবী কৰিছে যে এই পদক্ষেপটো ইয়াৰ অংশ। মোডী চৰকাৰে সংশোধন কৰিব বিচৰা সকলো আইনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে অফিচিয়েল চিক্ৰেটছ এক্ট। সূত্ৰ অনুসৰি, প্ৰযুক্তিগত উন্নতিৰ সৈতে সংগতি ৰাখি আইনখন সংশোধন কৰা হ’ব।
কেন্দ্ৰীয় অনুসন্ধান সংস্থা (আইবি), ৰিচাৰ্চ এণ্ড এনালিতিকেল উইং, তদন্তকাৰী সংস্থা চিবিআই, প্ৰতিৰক্ষা মন্ত্ৰালয়, কৰ্মচাৰী মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি ইতিমধ্যে এখন খচৰা বিধেয়ক প্ৰস্তুত কৰা হৈছে। গৃহ মন্ত্ৰালয়ে নতুন চৰকাৰ গঠনৰ পিছত যিমান সম্ভৱ সোনকালে বিধেয়কখনৰ ওপৰত অগ্ৰগতি বিচাৰে।