উত্তৰ ছিকিমৰ (North Sikkim) লাচেনত সেনা (Army) বাহিনীৰ বাছ (bus) এখন খাৱৈত বাগৰি পৰে (falls into a ditch)। এই ঘটনাত বাছখনত থকা ১৬ জন জোৱানৰ মৃত্যু (16 death) হয়। গুৰুতৰভাৱে আহত ৪ জন। বাছখনত ২০ জন সেনা জোৱান আছিল।
সেনাৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে পুৱা উত্তৰ ছিকিমৰ লাচেনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত জামা নামৰ এলেকাত তিনিখন বাহনৰ কনভয় লৈ থাংগু অভিমুখে এই সেনাবাহিনীৰ বাছখন আগবাঢ়িছিল। সেই সময়ত বাছখন পাহাৰীয়া বক্ৰ পথত ঘূৰোৱাৰ সময়ত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।
ফলত বাছখন দ খাৱৈত বাগৰি পৰে। ঘটনাৰ খবৰ পোৱা মাত্রকে উদ্ধাৰকাৰ্য আৰম্ভ হয়। ঘটনাস্থলীলৈ সেনাই প্ৰেৰণ কৰে উদ্ধাৰকাৰী দল। গুৰুতৰভাৱে আহত ৪ জন লোকক হেলিকপ্টাৰেৰে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।
মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গেংটকৰ এছটিএনএম হাস্পতাললৈ লৈ যোৱা হৈছে। অৱশ্যে মৃত জোৱানসকল কোন ৰেজিমেণ্টৰ আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। নিহতসকলৰ ভিতৰত ৩ জন বিষয়া পদবীৰ।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ এটা টুইটত লিখিছে, “উত্তৰ ছিকিমৰ গাড়ী দুৰ্ঘটনাত সেনা জোৱানৰ মৃত্যুত গভীৰভাৱে দুখী। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। শ্বহীদসকলৰ ত্যাগ আৰু দায়বদ্ধতাৰ বাবে সমগ্ৰ জাতিটো চিৰকৃতজ্ঞ হৈ থাকিব।”