২ মাহৰ পাছত ৰিজাৰ্ভ বেংকে (Reserve bank) পুনৰ বৃদ্ধি কৰিলে ৰেপো ৰেট (Repo Rate)। বুধবাৰে দেশৰ এপেক্স বেংকৰ ক্ৰেডিট পলিচি কমিটীৰ দুদিনীয়া বৈঠকৰ অন্তত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট আৰু ৩৫ বেছিছ পইণ্ট বৃদ্ধি কৰা হৈছে বুলি গৱৰ্ণৰ শক্তিকান্ত দাসে প্ৰকাশ কৰে। ফলত এই নতুন হাৰ ৬.২৫ শতাংশলৈ বৃদ্ধি পায়।
![ৰিজাৰ্ভ বেংকৰ পুনৰ ৰেপো ৰেট বৃদ্ধি, ৭ মাহত পঞ্চমবাৰ: 3 ৰিজাৰ্ভ বেংকৰ পুনৰ ৰেপো ৰেট বৃদ্ধি](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2022/12/bank-1.jpg?resize=935%2C524&ssl=1)
ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকক যি সুতৰ হাৰত হ্ৰস্বম্যাদী ঋণ দিয়ে, সেই হাৰক ৰেপো ৰেট বোলা হয়। ৰেপো বৃদ্ধিৰ লগে লগে ঘৰ আৰু গাড়ীৰ বাবে লোৱা বেংকৰ ঋণৰ সুতৰ হাৰ বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
সেই ক্ষেত্ৰত ঋণৰ ওপৰত ইএমআইৰ বোজা সাধাৰণ মানুহৰ ওপৰতো বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে। বেংকৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, ক্ৰেডিট পলিচি কমিটীৰ বৈঠকত ভোটদান কৰি ৰেপো ৰেট বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য, প্ৰায় ডেৰ বছৰৰ পিছত ৪ মেʼত আৰ বি আইয়ে ৰেপোৰেট বৃদ্ধি কৰে। ৪০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৪.৪ শতাংশ কৰা হয়। তেতিয়াৰে পৰাই ৰেপো ৰেট ক্ৰমাগতভাৱে বৃদ্ধি কৰা হৈছে। এইবাৰ পঞ্চমবাৰৰ বাবে বৃদ্ধি পায়। ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত আৰ বি আইয়ে ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৫.৯০ শতাংশলৈ বৃদ্ধি কৰিছিল। ইয়াৰ পূৰ্বে ৫ আগষ্টত সুতৰ হাৰ ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰা হৈছিল।