বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্প (Guwahati Ring Road Project)ৰ বাবে নিবিদা আহ্বান কৰিছে। প্ৰস্তাৱিত ১২১.৪৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ (Proposed 121.432 km length) এই ৰিং ৰোডৰ আনুমানিক ব্যয় ধার্য কৰা হৈছে ৪৬১৭.৪৫ কোটি টকা।
উল্লেখযোগ্য যে ভাৰত চৰকাৰে এন এইচ এ আইক দায়িত্ব অৰ্পণ কৰা গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ বাবে দীৰ্ঘদিনীয়া জৰীপ চলায়। এই জৰীপৰ অন্তত প্ৰকল্পটোক তিনিটা খণ্ডত বিভক্ত কৰে।
ইয়াৰে দুটা মুখ্য খণ্ড প্ৰকল্প হৈছে-
(১) বাইহাটা চাৰিআলিৰ পৰা চন্দ্ৰপুৰৰ কুৰুৱা হৈ সোণাপুৰলৈ ৫৫.৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড উত্তৰ গুৱাহাটী বাইপাছ নিৰ্মাণ।
(২) ৭.৭৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ জয়নগৰ (গুৱাহাটী) আণ্ডাৰপাছৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট জংচনলৈ চাৰিলেনৰ পৰা ছয় লেনলৈ বহল কৰা।
উল্লেখযোগ্য যে এই ৰিং ৰোডৰ সহায়ত উজনি অসমলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ যেনে ৰঙিয়া, নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী আদিৰ পৰা গুৱাহাটী চহৰক বাইপাছ কৰিব পাৰিব। ইয়াৰ পৰা বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা হৈ সোণাপুৰলৈ যোৱা প্ৰস্তাৱিত চাৰিলেন পথটো গ্ৰহণ কৰিব পাৰিব।
আনহাতে, গুৱাহাটী ৰিং ৰোডৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত গুৱাহাটীত যান-জঁটৰ সমস্যা লাঘৱ হ’ব বুলি অনুমান কৰা হৈছে।