কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) ‘বিপদৰ সময়ত তেওঁৰ সৈতে থিয় হোৱা’ ৱেনাৰক এৰি মাতৃ ছোনিয়া গান্ধীয়ে খালী কৰা ৰায়বৰেলীৰ আসনখনৰ সাংসদৰ দায়িত্ব ল’ব। আনহাতে, ৱেনাৰত থাকিব তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী। সোমবাৰে কংগ্ৰেছৰ এক বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদমেলত ৰাহুলে কয়, “এই সিদ্ধান্ত লোৱাটো মোৰ বাবে কঠিন আছিল। কাৰণ ৱেনাৰৰ মানুহ মোৰ কাষত থিয় দিছে। ৰায়বৰেলী আৰু ৱেনাৰৰ মানুহৰ লগত মোৰ আত্মিক সম্পৰ্ক আছে। কিন্তু তথাপিও মই ৱেনাৰ এৰি যাম। ৱেনাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়ংকাই।
উল্লেখযোগ্য যে খাৰ্গেৰ ঘৰত আয়োজিত সভাত ছোনিয়া গান্ধী, প্ৰিয়ংকা, এ আই চি চিৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপাল উপস্থিত থাকে। উল্লেখ্য যে গান্ধী-নেহৰু পৰিয়ালৰ কোনো ৰাজনীতিবিদে জীৱনত প্ৰথমবাৰৰ বাবে দক্ষিণ ভাৰতৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে।
ৰাহুল আৰু তেওঁৰ আইতাকে দক্ষিণ ভাৰতৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁলোকৰ প্ৰথম নিৰ্বাচনত উত্তৰ প্ৰদেশৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।
আনহাতে, ভগ্নীৰ সহযোগত ৰাহুলে এইবাৰ অভিলেখ সৃষ্টি কৰিছে ৰায়বৰেলীত। ২০১৯ চনলৈকে এই আসনত ছোনিয়া সাংসদ আছিল। ইয়াৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ৰায়বৰেলীৰ কংগ্ৰেছৰ সাংসদ আছিল। কিন্তু কংগ্ৰেছৰ এই পুৰণি গড়ত, ৰাহুলে এইবাৰ মাতৃ ছোনিয়াতকৈ বেছি ভোট লাভ কৰিছে।
তেওঁ বিজেপিৰ প্ৰাৰ্থীক প্ৰায় চাৰি লাখ ভোটত পৰাস্ত কৰে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাহুলে উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা পৰাস্ত হৈছিল যদিও কেৰালাৰ ৱেনাৰত জয়লাভ কৰে ৰাহুলে। এইবাৰ ৰায়বৰেলীত জয়লাভ কৰে যদিও ৰাহুলে উক্ত আসনখন এৰাৰ কথা ঘোষণা কৰিছে।