প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) লোকসভা নিৰ্বাচনত ভাৰতৰ জনসাধাৰণৰ ৰায়ক ‘অভূতপূৰ্ব’ বুলি অভিহিত কৰে। লগতে কয় যে বাবা বিশ্বনাথ, মাতৃ গংগাৰ আশীৰ্বাদ আৰু কাশীবাসীৰ মৰমেৰে তেওঁ তৃতীয়বাৰৰ বাবে দেশৰ ‘প্ৰধান সেৱক’ হৈছে। মঙলবাৰে নিজৰ সংসদীয় সমষ্টি বাৰাণসীত অনুষ্ঠিত কৃষক সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi Baranasi visit) এনেদৰে কয়।
![PM Modi Baranasi visit । নিৰ্বাচনত জয়লাভৰ পিছত প্ৰথমবাৰ বাৰাণসী ভ্ৰমণ মোডীৰ 3 PM Modi Baranasi visit](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240618_220037.jpg?resize=768%2C512&ssl=1)
কৃষক সন্মিলনত মোডীয়ে দেশৰ কৃষকৰ উন্নয়নত তেওঁৰ চৰকাৰৰ ভূমিকাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, “চৰকাৰ গঠন কৰাৰ পিছত আমি কৃষক আৰু দুখীয়াৰ স্বাৰ্থত প্ৰথম সিদ্ধান্ত লৈছোঁ।” তেওঁ দাবী কৰে, “ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত জয়ৰ হেটট্ৰিক এক বিৰল পৰিঘটনা।”
উল্লেখযোগ্য যে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলন’ শীৰ্ষক কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দেশৰ ৯.২৬ নিযুত কৃষকক ২০ হাজাৰ কোটি টকাৰ ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ ১৭ সংখ্যক কিস্তি বিতৰণ কৰে।