ডিফু (Diphu)ৰ ৰংনিহান বস্তি হৰিলাল বস্তি, পানবাৰী আদি এলেকাত যুৱ সমাজক বৰবিহস সদৃশ মাৰাত্মক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে (Madhumita Bhagwati) ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ (Islamic Social Reformers’ Association) অনুৰোধ ৰক্ষা কৰি আজি বিয়লি ৰংনিহান পথাৰত আয়োজন কৰে এক ড্ৰাগছ বিৰোধী সজাগতা সভা (Anti-drug awareness meeting)৷ নুৰুল ইছলাম আঁত ধৰা ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সভাপতি পৌৰোত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণ পাঠ কৰে আকিব উদ্দিন আহমেদে৷
আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ দিৱসৰ লগত সংগতি ৰাখি নছা মুক্ত ভাৰত অংশস্বৰূপে জিলা আৰক্ষী প্ৰশাসন আৰু ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ যুটীয়া উদ্যোগত এই সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ কেইবাগৰাকী মনৰোগ বিশেষজ্ঞ চিকিৎসক আৰু প্ৰজাপতি ব্ৰক্ষ্মকুমাৰা ইশ্বৰীয় বিশ্ব বিদ্যালয়ৰ সক্ৰিয় সদস্য শুভ্ৰ দাসৰ, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত কুমাৰ বৰুৱা আৰু ডিফু মছজিদ কমিটিৰ সভাপতি, সম্পাদক ক্ৰমে, আলহাজ তাজ উদ্দিন আহমেদ, মজাহাৰুল ইছলাম, ইমাম মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে ড্ৰাগছৰ ভয়াবহতা আৰু ইয়াৰ পাৰ্শ ক্ৰিয়াৰ জৰিয়তে ধ্বংসপ্ৰায় যুৱ সমাজক কিদৰে পুণ:সংস্থাপন তাৰ ওপৰত সুন্দৰ বাখ্যা আগবঢ়ায় ৷ বিশেষকৈ বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ আৰু তেওঁৰ সংগীবৃন্দৰ অভিনীত নাটকে ড্ৰাগছৰ ব্যৱহাৰে যুৱ সমাজৰ ওপৰত পেলোৱা প্ৰভাৱৰ ওপৰত সহজ-সৰল ভাষাত বুজাই দিয়াৰ প্ৰয়াস কৰে৷
![Anti-drug awareness : ড্ৰাগছৰ পৰা যুৱ সমাজক মুক্ত কৰিবলৈ জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ প্ৰয়াস 2 ড্ৰাগছৰ পৰা যুৱ সমাজক মুক্ত কৰিবলৈ জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ প্ৰয়াস](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/Drug-KarbiP1.jpg?resize=1043%2C579&ssl=1)
জিলা মছজিদ কমিটিৰ সম্পাদক মজাহাৰুল ইছলামে নিজৰ ভাষণত কয়যে, যুৱ সমাজক ড্ৰাগছে গ্ৰাস কৰি পেলাইছে ৷ সমাজৰ অশিক্ষিত শ্ৰেণীয়ে বিজ্ঞ জনৰ পৰা জ্ঞান লাভ কৰি ড্ৰাগছ মুক্ত হব পাৰে৷ বৰ্তমান সমাজত একাংশ লোকে লোভৰ প্ৰতি বেছি আকৃষ্ট হৈ সহজ উপাৰ্জনৰ পথ ড্ৰাগছৰ ব্যৱসায়ৰ পথ বাছি লৈছে ৷ যি সমাজখনৰ অধোগতি হৈছে৷
আনহাতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত কুমাৰ বৰুৱাই ড্ৰাগছৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ ওপৰত আলোকপাত কৰাৰ লগতে সমাজখনক ড্ৰাগছ মুক্ত কৰিবলৈ সমজুৱাকৈ শপত বাক্য পাঠ কৰায়৷ মুখ্য অতিথিৰ ভাষণত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে, জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে জিলা প্ৰশাসন সদায় সচেষ্ট হৈ থাকিব ৷ বিশেষকৈ ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ সমাজ সংস্কাৰ, দক্ষতা বিকাশ, কাৰ্যসূচী কৰাৰ লগতে এইছ আইভিৰ প্ৰতিৰোধ কৰিবলৈ জিলা প্ৰশাসনে সদায় সহযোগ কৰি যাব৷ আনহাতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ টহল বৃদ্ধি কৰা হব বুলি কয়৷ শালগৰ শৰাই আগবঢ়ায় ৰাজীৱ উদ্দিন আহমেদে৷