
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী (International Anti-Drug) আৰু অবৈধ সৰবৰাহকাৰী দিৱস উপলক্ষে আজি ডিফুত কাৰ্বি আংলং (Karbi Anglong) জিলা আৰক্ষীয়ে ১৬ কোটি ৪৩ লাখ ১১ হাজাৰ ৪৪০ কোটি মূল্যৰ বিভিন্ন জব্দকৃত ড্ৰাগছ আৰু গাঞ্জা দাহ (Seized drugs and ganja burning) কৰে। ডিফুৰ নমাইলত থকা এটা ইটা ভাটাত এই ড্রাগছখিনি জ্বলাই দিয়া হয়।

কার্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত উপায়ুক্ত জ্যোতির্ময় দৈমাৰী, ডিএফঅ’ বিভিছন টকবিকে ধৰি আন বহু বিষয়া আৰু চিআৰপিএফ কামাণ্ডেণ্ট স্বর্ণসিং উপস্থিত থাকে।

আজি দহন কৰা ড্ৰাগছসমূহৰ ভিতৰত আছিল ৪ কেজি হেৰ ‘ইন, ১১৬০ কেজি গাঞ্জা, ২ কেজি মৰফিন, ৮ কেজি অপিয়াম, ১ কেজি পপী ষ্ট’, ৯২৭টা বিভিন্ন নিচাযুক্ত টেবলেট। জিলাখনৰ খটখটী, ডিলাই আৰু শান্তিপুৰ থানাই বিভিন্ন স্থানত এই ড্রাগছখিনি জব্দ কৰিছিল। আৰক্ষী অধীক্ষক শইকীয়াই ব্যক্ত কৰে যে ন্যায়ালয়ৰ সকলো নিয়ম পালন কৰি আজি এই ড্রাগছসমূহ দহন কৰা হয় ৷












