যোৱা ১০ জুনত ডিফু-লামডিং পথৰ আৰলংলাংচত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল৷ শুকুৰী তিছ’পী নামৰ এগৰাকী যুৱতীক দুৰ্বৃত্তই শোৱাপাটীতে গুলীয়াই হত্যা কৰিছিল ৷ সমগ্ৰ জিলা জুৰি তীব্ৰ চাঞ্চল্যৰ (Shukuri Tisopia murder) সৃষ্টি কৰা এই হত্যাকাণ্ড সন্দৰ্ভত কাৰবি আংলং (Karbi Anglong) জিলা আৰক্ষী অধীক্ষক (S.P.) সঞ্জীৱ কুমাৰ শইকীয়াই আজি এক সংবাদমেল অনুষ্ঠিত কৰি পাৰিবাৰিক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সদৰি কৰে৷
আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে, ঘটনা সংঘটিত হোৱাৰ এঘণ্টা পাছতেই অতিৰিক্ত আৰক্ষী অধীক্ষক সহিতে মই ঘটনীস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰো৷ হত্যাকাণ্ড সন্দৰ্ভত মুক্ৰাং তেৰাঙ আৰু ৰাংছিনা ৰংপি নামৰ দুজন যুৱকক কৰায়ত্ব কৰা হয়৷ তেওঁলোকৰ তথ্যৰ ভিত্তিত প্ৰৱীণ ৰংপি নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় আৰু হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো এখন বাৰীত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ৷
আৰক্ষী অধীক্ষক গৰাকীয়ে তিনিওজনকে সোধ-পোছ কৰাৰ পিছত মুক্ৰাং তেৰাঙে (Mukrang Terang) এই হত্যাকাণ্ড আন দুজন সতীৰ্থৰ সৈতে সংঘটিত কৰাটো পোহৰলৈ আহে৷ এই ঘটনাত জড়িত সকলোকে চিনাক্ত কৰা বুলি ব্যক্ত কৰি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে যে, হত্যাকাৰীয়ে মুঠ তিনি জাঁই গুলী চালনা কৰিছিল ৷ ইয়াৰে দুটা গুলী মিছ ফায়াৰ হৈছিল আৰু সেই দুটা গুলী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ প্ৰাৰম্ভিক তদন্তত মুক্ৰাঙৰ পিতৃৰ লগত যুৱতীগৰাকীৰ বিশেষ সম্পৰ্ক থকাৰ বাবে আৰু পাৰিবাৰিক অশান্তিৰ ফলস্বৰূপে এই ঘটনা সংঘটিত হয়৷ মুক্ৰাং তেৰাঙে ধন খৰছ কৰি পিষ্টলটো ডিমাপুৰৰ পৰা ক্ৰয় কৰিছিল বুলি আৰক্ষী অধীক্ষক শইকীয়াই সাংবাদিকক জানিবলৈ দি পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডৰ বিতং তথ্য প্ৰকাশ কৰিব বুলি কয় ৷