উত্তৰাখণ্ড (Uttarakhand)ত এক ভয়ানক দুৰ্ঘটনাত (Terrible accident) যাত্ৰীসহ এখন গাড়ী খাৱৈত বাগৰি পৰে। এই ঘটনাত থিতাতে মৃত্যু হয় ৮ জন (Eight people died on the spot)ৰ। ঋষিকেশ বদ্ৰীনাথ ঘাইপথৰ সমীপৰ ৰুদ্ৰপ্ৰয়াগত সংঘটিত হয় এই ঘটনা। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইফালে ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে। তেওঁৰ এক্স হেণ্ডেলত লিখিছে, মৃতকৰ আত্মাই শান্তি লাভ কৰক। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
আনহাতে, দুৰ্ঘটনাটোৰ পিছতে স্থানীয় বাসিন্দাৰ সৈতে এছডিআৰএফৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আটাইকেইজন যাত্ৰী দিল্লী আৰু গাজিয়াবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে।