ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 1, 2026
Reading Time: 1 min read
A A
0
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

RELATED POSTS

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

New Logo Smal 2 | ASSAM TIMES POST

বুধবাৰে ভাৰতীয় পাইলট স্মিথ মাচ্চাৰক (Pilot Smith Moshar) মাজ আকাশতে ককপিটত থকা সহকৰ্মীয়ে আক্ৰমণ কৰে। তাৰ পিছতো তেওঁ বিমানখনৰ পৰা ওলাই নাহি নিৰাপদে বিমানখন অৱতৰণ কৰে। ‘ফ্লাইডুবাই’ বিমান সংস্থাৰ এই ঘটনাত পাইলটজনৰ সাহসিকতাত আপ্লুত হৈ পৰে বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল।

এই বিমানখন সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইৰ পৰা ইজৰাইলৰ টেল আভিভলৈ গৈ আছিল। বিমানখনত ১৮০ জন যাত্ৰী আছিল। ইয়াৰে অধিকাংশই আছিল ইজৰাইলৰ নাগৰিক। বুধবাৰে ‘ফ্লাইডুবাই’ বিমানত সংঘটিত এই ঘটনা সন্ত্ৰাসবাদী আক্ৰমণ বুলি ইজৰাইলে দাবী কৰিছে। ইয়াৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে পাইলট স্মিথৰ সাহসিকতাৰ প্ৰশংসা কৰে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও প্ৰায় একে ধৰণে প্ৰশংসা কৰি স্মিটক ‘নায়ক’ বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “কেপ্টেইন স্মিথ বায়ুসেনাৰ নায়ক। ভয়ংকৰ বিপদৰ সন্মুখীন হৈ গুৰুতৰভাৱে আহত হোৱাৰ পিছতো তেওঁ অপৰিসীম সাহস দেখুৱাইছিল। তেওঁ আনৰ জীৱন ৰক্ষাৰ কৰ্তব্যৰ পৰা আঁতৰি যোৱা নাছিল।” মোদীয়ে কয় যে স্মিথৰ বীৰত্বৰ বাবেই শ শ লোক বিপদৰ পৰা ৰক্ষা পৰিল। লগতে তেওঁ স্মিথৰ আশু আৰোগ্য কামনা কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও এই সন্দৰ্ভত বুধবাৰে হোৱাইট হাউছত সংবাদ মাধ্যমক সম্বোধন কৰি কয়, “পাইলটজনৰ অৱস্থা অতি বেয়া আছিল। মই ভাবোঁ তেওঁৰ অৱস্থা এতিয়াও অতি বেয়া। আচৰিত কথাটো হ’ল, তেওঁ বিচাৰ-বুদ্ধি হেৰুৱাই পেলোৱা নাছিল। তেওঁ এজন নায়ক।” অৱশ্যে স্মিথক ছুৰীৰে আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰা সহ-পাইলটজন সন্ত্ৰাসবাদী নেকি তাত এতিয়াও নিশ্চিত হোৱা নাই ট্ৰাম্প।

fly1 | ASSAM TIMES POST
ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

নেতানিয়াহুৱে চমুকৈ বৰ্ণনা কৰে যে কেনেকৈ স্মিথে আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতো যাত্ৰীসকলৰ জীৱন ৰক্ষা কৰিছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে লিখিছে, “ছুৰীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱাৰ পিছতো তেওঁ যুঁজিছিল। তেওঁ আক্ৰমণ বন্ধ কৰিবলৈ চেষ্টা কৰে, ককপিটৰ দুৱাৰখন খুলি দিলে। ফলত যাত্ৰী আৰু বিমান পৰিচাৰকসকলে ভিতৰলৈ সোমাই আক্ৰমণকাৰীক ৰখাবলৈ সক্ষম হ’ল। এটা বৃহৎ মাজ আকাশৰ দুৰ্যোগ ৰোধ কৰা হ’ল।” বিমানত থকা ১৮০ জন লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে ভাৰতীয় পাইলটগৰাকীক কৃতিত্ব প্ৰদান কৰি নেতানিয়াহুৱে লিখিছে, “স্মিথক তেওঁৰ অসাধাৰণ সাহসিকতাৰ বাবে প্ৰণাম জনাইছোঁ। তেওঁৰ আশু আৰোগ্য কামনা কৰিছোঁ।”

উল্লেখ্য যে বুধবাৰে পুৱা ফ্লাইডুবাইৰ এফজেড১০৭৩ বিমানেৰে উৰা মাৰিছিল স্মিথ। আকাশৰ মাজতে ককপিটত তেওঁক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। স্মিথক ছুৰীৰে আঘাত কৰা হয়। তেওঁৰ সহ-পাইলটে এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে। বিমানখনত থকা যাত্ৰী আৰু অন্যান্য বিমান পৰিচাৰিকাই আক্ৰমণকাৰীক সংযত কৰি কেপ্টেইনজনক উদ্ধাৰ কৰে। ১৮০ জন যাত্ৰী লৈ বিমানখনে উত্তৰ-পশ্চিম চৌদি আৰবৰ টাবুক বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান চৌদি আৰবৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে স্মিথ। চৌদি আৰবত থকা ভাৰতীয় দূতাবাসে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি, স্মিথ টাবুক চহৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ। এই সন্দৰ্ভত পিছত ভাৰতীয় দূতাবাসে সবিশেষ তথ্য প্ৰদান কৰিব।

জানিব পৰা মতে, গুজৰাটী মূলৰ স্মিথে ২০১১ চনৰ পৰা ২০২২ চনলৈ স্পাইচজেটৰ বাবে বিমান চলাইছিল। ১১ বছৰৰ অভিজ্ঞতাৰে তেওঁ ডুবাইস্থিত কোম্পানীটোত যোগদান কৰিছিল। সূত্ৰ অনুসৰি, স্মিথ বয়িং ৭৩৭ বিমানৰ বিশেষজ্ঞ। নিজে বিমান উৰুৱাই নিয়াৰ উপৰি তেওঁ আন পাইলটকো মেণ্টৰ কৰি আহিছে। ৱেলিংব’ৰ ইনষ্টিটিউট অব মেনেজমেণ্টৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত ডিগ্ৰী লাভ কৰিছে।

প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি, বিমানখন ‘হাইজেক’ কৰাৰ চেষ্টা কৰা হৈছিল। ককপিটৰ পৰা শব্দ শুনি সকলোৱে আতংকিত হৈ পৰে। যাত্ৰীৰ আসনত কেইজনমান পাইলটো আছিল। ককপিটত প্ৰৱেশ কৰি আক্ৰমণকাৰীক নিৰস্ত্ৰ কৰি কেনেবাকৈ বিমানখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ফ্লাইডুবাই বিমানখনে ৩৪ হাজাৰ ফুট উচ্চতাৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই ১৭ হাজাৰ ফুটলৈ নামি আহিছিল। ককপিটটো তেজেৰে লুতুৰি-পুতুৰি হৈ পৰে। প্ৰত্যক্ষদৰ্শীয়ে কয় যে বিমানখন সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। যিকোনো মুহূৰ্ততে ধ্বংস হ’ব বুলি ভাবিছিল। অৱশ্যে সকলোৱে নিৰাপদে চৌদি আৰবত অৱতৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PilotSmithMoshar
Share4Tweet3Send

Related Posts

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
September 30, 2026
51
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

by News Desk
September 30, 2026
51
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

by News Desk
September 30, 2026
52
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
51
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
54
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
55
ADVERTISEMENT
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

October 1, 2026
50
Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ
Assam

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

October 1, 2026
50
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
51
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

October 1, 2026
Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

October 1, 2026
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d