
জম্মু-কাশ্মীৰৰ কাঠুৱাত বিদ্যুৎ প্ৰকল্পত নিহত হয় চিআইএছএফৰ চাৰিজন জোৱান। অভিযোগ অনুসৰি মঙলবাৰে সন্ধিয়া তেওঁলোকৰ এজন সহকৰ্মীয়ে নিজৰ ছাৰ্ভিচ ৰাইফলৰ পৰা নিৰ্বিচাৰে গুলীচালনা কৰে। নিহতসকলৰ ভিতৰত আছে এজন সহকাৰী কমাণ্ডেণ্ট। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বন্দুকো জব্দ কৰা হৈছে।
চিআইএছএফৰ সূত্ৰ অনুসৰি, মঙলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত হিমাচল প্ৰদেশ সীমান্তৰ সমীপৰ মাস্কা গাঁৱৰ জলবিদ্যুত কেন্দ্ৰত হেড কনিষ্টবল অভিদেশ কুমাৰে নিজৰ বন্দুকৰ পৰা নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে।

অভিযোগ অনুসৰি, তেওঁৰ সহকৰ্মীসকলৰ সৈতে কাজিয়া হৈছিল। সেইবাবেই তেওঁ গুলীচালনা আৰম্ভ কৰে। আটাইকেইজনেই জলবিদ্যুৎ কেন্দ্ৰটোত গাৰ্ড ডিউটিত আছিল।
গুলীচালনাত গুৰুতৰভাৱে আহত হয় চাৰিজন জোৱান। এনএইচপিচি হাস্পতালত তেওঁলোকক ভৰ্তি কৰোৱা হয়। তাতেই তেওঁলোকৰ মৃত্যু হয়। চিআইএছএফে মৃত জোৱানকেইজনৰ পৰিচয় প্ৰকাশ কৰিছে । তেওঁলোক হৈছে সহকাৰী কমাণ্ডেণ্ট অংকিত কুমাৰ পাণ্ডে, উপ পৰিদৰ্শক লক্ষ্মণ সিং, কনিষ্টবল ৰফিক আহমেদ আৰু সন্দীপ কুমাৰ। কি কাৰণত এই বিবাদ আৰম্ভ হ’ল তাৰ তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে।












