
নিৰ্বাচন আয়োগৰ কাৰ্যপদ্ধতি (Election Commission’s procedures) আৰু ইয়াত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকাক (Role of Gyanesh Kumar) লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে জৰুৰীভাৱে গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। অহা সপ্তাহত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।
অধিবক্তা বিকাশ সিঙে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠত জৰুৰী শুনানিৰ বাবে বিষয়টো উত্থাপন কৰিছিল। তেওঁ আদালতত কয় যে এজন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু দুজন নিৰ্বাচন আয়ুক্তৰে গঠিত নিৰ্বাচন আয়োগে সৰ্বসন্মতিক্ৰমে বা সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত সিদ্ধান্ত ল’ব লাগে। এই সন্দৰ্ভত তেওঁ কয়, “নিৰ্বাচন আয়োগৰ কাম-কাজৰ ধৰণত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হৈছে নে নাই সেই সন্দৰ্ভত এক গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।”
‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তদন্তমূলক প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লাগিছে। প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়ুক্ত দুগৰাকীক অন্ধকাৰত ৰাখি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছে। ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখা, এছ আই আৰৰ পিছত ভোটাৰৰ নাম বাদ দিয়া আৰু সংযোজন আদিৰ সৈতে জড়িত কেইবাটাও বিষয়ত সান্ধু আৰু যোশীয়ে আপত্তি কৰে। আয়োগৰ সিদ্ধান্তক লৈ যোৱা ১০ মাহত ১৪ বাৰ আপত্তি দাঙি ধৰিছে। বিতৰ্কৰ সন্মুখত আয়োগৰ ব্যাখ্যা আছিল যে নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য থাকিলেও ঐকমত্যৰ ভিত্তিত সিদ্ধান্ত লোৱা হৈছিল।

আয়োগে এই ব্যাখ্যা দিয়াৰ পাছতো বিতৰ্ক বন্ধ হোৱা নাই। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে আয়োগৰ বিৰুদ্ধে মাত মাতি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনায়। এই বিতৰ্কৰ মাজতে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰা হৈছে। জ্ঞানেশ কুমাৰে আন দুজন আয়ুক্তক অৱগত নকৰাকৈ একপক্ষীয়ভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন হৈছে। এনে সিদ্ধান্ত বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে এই বিষয়ত আদালতৰ দৃষ্টি আকৰ্ষণ কৰে অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে। আয়োগৰ ভিতৰত জ্ঞানেশ কুমাৰৰ সিদ্ধান্ত বাতিল কৰি মুখ্য নিৰ্বাচন আয়ুক্তক ‘সাধাৰণ অভিযুক্তৰ দৰে’ আইনী প্ৰক্ৰিয়া আৰু বিচাৰৰ আওতালৈ অনাৰ দাবী জনাইছে অভিযোগকাৰীয়ে।
সংবিধানৰ ৩২৪ অনুচ্ছেদত নিৰ্বাচন আয়োগৰ সাংবিধানিক গাঁথনিৰ ব্যৱস্থা আছে। তিনিজনীয়া আয়োগত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুজন নিৰ্বাচন আয়ুক্ত আছে। যদিও মুখ্য নিৰ্বাচন আয়ুক্তক ‘সমমৰ্য্যাদাৰ ভিতৰত প্ৰথম’ বুলি অভিহিত কৰা হৈছে, তথাপিও তেওঁক সিদ্ধান্ত গ্ৰহণৰ একক ক্ষমতা দিয়া হোৱা নাই। বৰ্তমানৰ আইনী কাঠামোত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ৰ ১৮নং ধাৰাত উল্লেখ আছে যে আয়োগৰ কাম যিমান পাৰি সিমান ঐকমত্যৰ দ্বাৰা পৰিচালিত হ’ব। কোনো বিষয়ত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য হ’লে সংখ্যাগৰিষ্ঠতাৰ মতামত প্ৰধান হ’ব।












