
বিতৰ্কৰ মাজতে মল্লিকাৰ্জুন খাৰ্গেয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মাত মাতিছে। তেওঁ জ্ঞানেশ কুমাৰক ‘মোদী চৰকাৰৰ হাতৰ পুতলা’ বুলি কটাক্ষ কৰে। কংগ্ৰেছ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্ঞানেশ কুমাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে। সেই কাৰণে তেৱোঁ নৈতিকতাৰ স্বাৰ্থত পদত্যাগ কৰিব লাগে বুলি খাৰ্গেয়ে কয়।
মঙলবাৰে কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক গোট কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত খাৰ্গেয়ে ভোটাৰ তালিকা আৰু নির্বাচন প্রক্রিয়া সন্দর্ভত কেইবাটাও প্রশ্ন উত্থাপন কৰি পাঁচটা দাবী উত্থাপন কৰে৷ তেওঁৰ প্ৰথম দাবী হ’ল, ভোটাৰ তালিকাত ক’ত আৰু কি পৰিৱৰ্তন কৰা হৈছে সেয়া ৰাজহুৱা কৰা উচিত। দ্বিতীয়টো দাবী হ’ল যে যিসকলৰ নাম এছআইআৰৰ পৰা বাদ পৰিছে তেওঁলোকক পুনৰ পঞ্জীয়নৰ সুযোগ দিয়া হওক। বাদ দিয়াৰ কাৰণো বিতংভাৱে বুজাব লাগে। খাৰ্গেৰ তৃতীয়টো দাবী হ’ল, ভোটাৰ তালিকা আৰু আনুষংগিক তথ্য নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰাজনৈতিক দলসমূহৰ হাতত গতাই দিব লাগে। চতুৰ্থটো দাবী হৈছে এছআইআৰ পৰ্যায়ত গুৰুতৰ অনিয়ম পোৱা গোচৰত নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিয়া হওক। খাৰ্গেৰ পঞ্চম আৰু শেষ দাবীটো হ’ল নিৰ্বাচন সম্পৰ্কীয় তথ্য আৰু সিদ্ধান্তসমূহ স্পষ্টভাৱে জনোৱা হওক, যাতে কোনো ৰাজনৈতিক দল বা ভোটাৰে সকলো তথ্য লাভ কৰা নাই বুলি অনুভৱ নকৰে।

জ্ঞানেশ কুমাৰক আক্ৰমণ কৰি খাৰ্গেয়ে কয়, “দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তজন মোদী চৰকাৰৰ হাতৰ পুতলা হৈ পৰিছে। আনকি তেওঁৰ সহকৰ্মীসকলেও তেওঁক বিশ্বাস কৰিব নোৱাৰে।” ৰাজ্যসভাৰ বিৰোধী দলপতিয়ে অভিযোগ কৰে যে বিজেপি আৰু মোদী চৰকাৰৰ হৈ ভোটাৰৰ নাম মচি পেলোৱাৰ ষড়যন্ত্ৰত নিৰ্বাচন আয়োগৰ বিষয়া জড়িত হৈ আছে। খাৰ্গেয়ে দাবী কৰে যে মোদী চৰকাৰে নতুন ভোটাৰ পঞ্জীয়নৰ প্ৰক্ৰিয়াটোও কঠিন কৰি তুলিছে।
উল্লেখ্য যে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তদন্তমূলক প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লাগিছে। প্ৰতিবেদন অনুসৰি, তেওঁলোকক অন্ধকাৰত ৰাখি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছে আয়ুক্ত দুগৰাকীয়ে। মূলতঃ ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখা, এছআইআৰৰ পিছত ভোটাৰৰ নাম বাদ দিয়া আৰু সংযোজন কৰা আদি বিষয়ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে আপত্তি কৰিছে। আয়োগৰ সিদ্ধান্তক লৈ যোৱা ১০ মাহত ১৪ বাৰ আপত্তি দাঙি ধৰিছে। বিতৰ্কৰ সন্মুখত আয়োগৰ ব্যাখ্যা হ’ল নিৰ্বাচন আয়ুক্তসকলৰ মাজত মতানৈক্য থাকিলেও ঐকমত্যৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়। আয়োগে এই ব্যাখ্যা দিয়াৰ পাছতো বিতৰ্ক বন্ধ হোৱা নাই। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে আয়োগৰ বিৰুদ্ধে মাত মাতি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছে।













