
জম্মু-কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত লস্কৰ-ই-তৈবাৰ এজন শীৰ্ষ নেতা। স্থানীয় আৰক্ষী বিষয়াই জনোৱা মতে, সন্ত্ৰাসবাদীটোৰ নাম জম্মু-কাশ্মীৰত সংঘটিত কেইবাটাও আক্ৰমণৰ সৈতে জড়িত। বহুদিনৰ পৰাই তেওঁৰ সন্ধান চলি আছিল। আৰক্ষীৰ ‘ম’ষ্ট ৱাণ্টেড’ তালিকাতো তেওঁৰ নাম আছিল।
মঙলবাৰে মধ্য কাশ্মীৰৰ ইউছমাৰ্গৰ কোৰাগ অঞ্চলত ভাৰতীয় সেনাই আৰক্ষীৰ সহযোগত অভিযান আৰম্ভ কৰে। সেনাৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানসকলে অঞ্চলটোত কিছু সন্দেহজনক গতিবিধি লক্ষ্য কৰে। ইয়াৰ পিছতে অনুসন্ধান অভিযান আৰম্ভ কৰা হয়। সন্ত্ৰাসবাদীয়ে বনাঞ্চলত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰি একাংশ ঘাটিলৈ যায় জোৱানসকল। সেই সময়তে সেনাবাহিনীৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। সেনায়ো প্ৰত্যুত্তৰ দিয়াত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়। কিছুসময় ধৰি চলা সংঘৰ্ষৰ অন্তত এজন সন্ত্ৰাসবাদী নিহত হয় বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিয়ে।
ভাৰতীয় সেনাৰ চাইনাৰ ক’ৰ্পছে কয় যে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত বুডগামত এই অভিযান চলোৱা হয়। নিহত সন্ত্ৰাসবাদীজনৰ নাম চুলেমান শ্বাহ ওৰফে মুছা (MUSA)। বিগত কিছুদিনত পীৰ পাঞ্জাল পৰ্বতৰ দুয়োপাৰে একাধিক আক্ৰমণত জড়িত থকাৰ অভিযোগ উত্থাপন হয় মুছাৰ বিৰুদ্ধে। সেইবাবেই অঞ্চলটোত তেওঁৰ সন্ধানত তালাচী চলাইছিল।

চলিত মাহৰ আৰম্ভণিতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ৰাষ্ট্ৰীয় ৰাইফলছ, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীয়ে বুডগাম আৰু পুঞ্চ জিলাৰ সীমান্তৰ আছদাৰ গালি অঞ্চলত অভিযান চলাইছিল। উছমাৰ্গত ভাৰতীয় সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় লস্কৰ-ই-তৈবাৰ কুখ্যাত কমাণ্ডাৰ ইয়াছিৰ। সেনাৰ সূত্ৰই দাবী কৰিছে যে তেওঁ এসময়ত মুছাৰ ঘনিষ্ঠ আছিল। পিছলৈ মতানৈক্যৰ বাবে দুয়োৰে বিচ্ছেদ ঘটে। তেওঁ এটা নতুন গোট গঠন কৰে। কিন্তু নিৰাপত্তা বাহিনীৰ অনুমান অনুসৰি, ৫ ছেপ্টেম্বৰত ভাৰতীয় সেনাই অভিযান চলোৱাৰ সময়ত ইয়াছিৰ আৰু মুছা একেলগে আছিল। সংঘৰ্ষত ইয়াছিৰ নিহত হয় যদিও মুছাই পলায়ন কৰিবলৈ সক্ষম হৈছিল।
সামৰিক বিষয়াসকলৰ মতে, জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবা নেটৱৰ্ক সম্প্ৰসাৰণৰ আঁৰত আছিল মুছা। উপত্যকাটোৰ সিপাৰে বিভিন্ন সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল তেওঁ। ভাৰতীয় সেনাই তেওঁৰ মৃত্যুক অঞ্চলটোত লস্কৰ-ই-তৈবাৰ বাবে ডাঙৰ আঘাত বুলি বিবেচনা কৰিছে।












