
অন্বেষা শইকীয়া হত্যা কাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ। অন্বেষাৰ হত্যাকাণ্ডৰ সৈতে জড়িত ড্ৰাগছ যোগানৰ অভিযোগত অৱশেষত আৰক্ষীৰ জালত জাভেদ আহমেদ। যোৰহাটৰ ঢেঁকাপতিৰ বাসিন্দা জাভেদ আহমেদে অন্বেষা শইকীয়া হত্যাকাণ্ডত ড্ৰাগছ যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছিল।

উল্লেখ্য যে, যোৱা ১৫ আগষ্টৰ নিশা সংঘটিত হৈছিল এই ঘটনা। অন্বেষা শইকীয়া হত্যাকাণ্ডত বৰ্তমানলৈকে ২ জন যুৱক আৰু ২ গৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। ঘটনাৰ পিছৰে পৰা আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল জাভেদ আহমেদে। দীৰ্ঘদিন ধৰি আৰক্ষীয়ে সন্ধান চলাই থকাৰ পিছত আজি যোৰহাট টাউনৰ মাজমজিয়াত গ্ৰেপ্তাৰ কৰা হয় তেওঁক। যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাই নিজেই খেদি খেদি গ্ৰেপ্তাৰ কৰে জাভেদ আহমেদক।













