ড্ৰাগছ (Drugs)ৰ বিৰুদ্ধে কাৰ্বি আংলং (Karbi Along) আৰক্ষী (Police)য়ে লাভ কৰিছে আন এক সফলতা (Success)। এইবাৰ পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফু (Diphu)ত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ডিফু পানবাৰীত এক গোপন খবৰৰ ভিত্তিত উদ্ধাৰ হয় হেৰইনখিনি । জিলা উপ-আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়াৰ নেতৃত্বত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুনটি মজুমদাৰ, থানা ষ্টাফৰ সহযোগত এক অভিযান চলাই চৰচৰি বস্তিৰ আব্দুল খালেক নামৰ এজন লোকৰ পৰা তিনিটা চাধা টেমাত 3’23 গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ইয়াৰ পিছত ধৃত আব্দুল খালেকৰ স্বীকাৰোক্তিৰ ভিত্তিত খালেকৰ বাসগৃহত তালাছি চলাই বুজন পৰিমাণৰ হেৰইন ৰখা খালি চাধা টেমা আৰু নগদ ৫০ হাজাৰ ৬৫০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উক্ত কাৰ্য্যত আৰু অধিক লোক জৰিত থাকিব বুলি উপ-আৰক্ষী অধীক্ষক (প্ৰবেচনাৰী) নিলত শইকীয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ।
অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে ধৃত আব্দুল খালেকক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।