১৭ বছৰৰ পৰা ২১ বছৰ বয়সলৈ নতুন ভোটা (New Voter)ৰ ভোটাৰ তালিকা (List)ত অন্তৰ্ভুক্তি (Inclusion)ৰ বাবে ডিফু নিৰ্বাচনী জিলাই ১৮নং হাওৰাঘাট (Howrahghat) আৰু ১৯নং ডিফু বিধানসভা (Diphu Assembly) সমষ্টিৰ বাবে বিশেষ কেম্প (Special Camp)ৰ আয়োজন কৰিছে । আজি জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল যোগে জিলা উপায়ুক্ত (DC) তথা returning বিষয়া মধুমিতা ভাগৱতীয়ে জানিবলৈ দিয়ে যে, নতুন ভোটাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ৩০ নৱেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, জুনিয়ৰ কলেজ আৰু কলেজসমূহত বিশেষ কেম্পৰ আয়োজন কৰা হৈছে।
উল্লেখ কৰা বয়সৰ ভোটাৰসকলে এই কেম্পত জৰিয়তে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব ।ইয়াৰ বাবে সকলো শৈক্ষিক প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ সৈতে যোৱা ২৮ নবেম্বৰত জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এখনি আলোচনা অনুষ্ঠিত হৈ যায় । এই কেম্পসমূহৰ জৰিয়তে ১ জানুৱাৰী ২০২৩, ১ এপ্ৰিল ২০২৩ , ১ আগষ্ট ২০২৩ আৰু ১ অক্টোবৰ ২০২৩ ত ১৮ বছৰ সম্পূৰ্ণ কৰা আৰু ১৮ বছৰ বয়সত ভৰি দিয়া ভোটাৰসকলে আবেদন কৰিব পাৰিব ।
ইয়াৰ বাবে জন্মৰ প্ৰমাণ-পত্ৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, দশম শ্ৰেণীৰ প্ৰমাণ পত্ৰ অথবা দ্বাদশ শ্ৰেণীৰ চিবিএছই, আই চি এছ ই, ৰাজ্যিক বৰ্ডৰ প্ৰমাণ-পত্ৰ ,ভাৰতীয় পাছপোৰ্ট বা গৃহৰ প্ৰমাণ-পত্ৰৰ বাবে পানী, বিজুলী, গেছ সেৱাৰ বিল (এবছৰ ভিতৰৰ) ৰাষ্ট্ৰীয়কৃত বেংকৰ পাচবুক, পোষ্ট অফিচ, আন পঞ্জীয়নভুক্ত বেংকৰ পাছবুক, ৰাজহ বিভাগৰ ভূমি পাট্টা, ভাৰতীয় পাছপোৰ্ট ইত্যাদি প্ৰদৰ্শন কৰিব লাগিব বুলি জিলা উপযুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে। উক্ত সংবাদমেলত নিৰ্বাচনী বিষয়া কাব্যশ্রী দিহিঙ্গীয়াও উপস্থিত থাকে।